‘নৱ শৰণীয়াৰ কি আছে? কি দিব? তেওঁ অকল ৰাজনীতি কৰিছে ,আলফা আছিল কাৰণেহে তেওঁ আজি সাংসদ’

‘মই সাধাৰণ মানুহ হৈও আমাৰ প্ৰাক্তন সদস্য সকলক কাৰণে কাম কৰিছো’

News18-Assam
Updated:October 21, 2019, 6:06 PM IST
‘নৱ শৰণীয়াৰ কি আছে? কি দিব? তেওঁ অকল ৰাজনীতি কৰিছে ,আলফা আছিল কাৰণেহে তেওঁ আজি সাংসদ’
‘মই সাধাৰণ মানুহ হৈও আমাৰ প্ৰাক্তন সদস্য সকলক কাৰণে কাম কৰিছো’
News18-Assam
Updated: October 21, 2019, 6:06 PM IST
কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াই অনুপ চেতিয়াৰ সন্দৰ্ভত কৰা মন্তব্যৰ পিছতেই প্ৰত্যুত্তৰ দিলে আলফা নেতা অনুপ চেতিয়াই । অনুপ চেতীয়াই কয় যে, ‘মই সাধাৰণ মানুহ হৈও আমাৰ প্ৰাক্তন সদস্যৰ কাৰণে কাম কৰিছো। নৱ শৰণীয়াই পাঁচ বছৰ সাংসদ হৈ থাকি আলফা প্ৰাক্তন সদস্য সকলৰ কাৰণে কি কৰিলে? উত্তৰ দিয়ক। তেওঁলোকৰ সংস্থাপনৰ কাৰণে কি কৰিলে?’

এনেদৰে কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াক তীব্ৰ সমালোচনা কৰে অনুপ চেতীয়াই। অনুপ চেতীয়াই লগতে কয় যে, নৱ শৰণীয়া আলফা নেতা আছিল কাৰণেহে আজি সাংসদ হ’ব পাৰিছে। তেওঁ  আলফা নোহোৱা হেতেন  আজি সাংসদ হ’ব নোৱাৰিলে হেতেন।

উল্লেখযোগ্য যে,  দেওবাৰে অনুপ চেতীয়াই পত্নীৰ জন্মদিন উৎযাপন কৰিবলৈ যাঁওতে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা বুলি নৱ শৰণীয়াই কৰা মন্তব্যৰ প্ৰত্যুত্তৰত চেতীয়াই কয় যে,  ‘মোৰ মা দেউতাই কেতিয়াও জন্ম দিন পালন কৰা নাই এইয়া হাঁহি উঠা কথা, মোৰ পত্নীৰ লগতে মই  কোনো দিনে জন্ম দিন পালন কৰি পোৱা নাই।’ তেওঁ এজন সাংসদ কথা কওতে অলপ চিন্তা কৰি কব লাগে । হয় মই হাগ্ৰামা মহিলাৰীৰ লগত সভা কৰিছো কাৰণ তেওঁ আমাৰ আলফা সদস্য সকলক সংস্থাপনৰ ব্যৱস্থা কৰিছে । মই হাগ্ৰামা মহিলাৰীৰ লগত সভা নকৰি হীৰা শৰণীয়াৰ লগত কৰিম নেকি? হীৰা শৰণীয়াই কি দিব, কি আছে? তেওঁ অকল ৰাজনীতি কৰিছে, আৰু ৰাজনীতি কৰি আমাৰ মাজত বিভাজন আনিব চেষ্টা কৰিছে ।’

তেওঁক অনুৰোধ জনাইছোঁ আগন্তুক পাঁচ বছৰত আমাৰ সতীৰ্থ সকলক সংস্থাপনৰ ক্ষেত্ৰত ব্যৱস্থা কৰক । এইবোৰ তৰ্ক যুদ্ধ কৰি থাকি লাভ নাই । আৰু আমাৰ অতীত পাহৰি যাব নালাগে: মন্তব্য অনুপ চেতিয়াৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি