• Home
  • »
  • News
  • »
  • assam
  • »
  • অৱশেষত কাৰাগাৰৰ পৰা ওলাল আলফাৰ আলোচনাপন্থী গোটৰ সদস্য আন্দোলন পানিকা

অৱশেষত কাৰাগাৰৰ পৰা ওলাল আলফাৰ আলোচনাপন্থী গোটৰ সদস্য আন্দোলন পানিকা

আদালতত হাজিৰ হ'ব নোৱাৰাৰ বাবে আহিছিল ৱাৰেন্ট। আইনী প্ৰক্ৰিয়াত কোনো লোকে সহায় কৰিবলৈ আগবাঢ়ি নহাৰ বাবে ৫ টা বছৰ থাকিবলগীয়া হ'ল কাৰাগাৰত।

আদালতত হাজিৰ হ'ব নোৱাৰাৰ বাবে আহিছিল ৱাৰেন্ট। আইনী প্ৰক্ৰিয়াত কোনো লোকে সহায় কৰিবলৈ আগবাঢ়ি নহাৰ বাবে ৫ টা বছৰ থাকিবলগীয়া হ'ল কাৰাগাৰত।

আদালতত হাজিৰ হ'ব নোৱাৰাৰ বাবে আহিছিল ৱাৰেন্ট। আইনী প্ৰক্ৰিয়াত কোনো লোকে সহায় কৰিবলৈ আগবাঢ়ি নহাৰ বাবে ৫ টা বছৰ থাকিবলগীয়া হ'ল কাৰাগাৰত।

  • Share this:
অৱশেষত, কাৰাগাৰৰ পৰা ওলাল আলফাৰ আলোচনাপন্থী গোটৰ সদস্য আন্দোলন পানিকা। আদালতত হাজিৰ হ'ব নোৱাৰাৰ বাবে আহিছিল ৱাৰেন্ট। আইনী প্ৰক্ৰিয়াত কোনো লোকে সহায় কৰিবলৈ আগবাঢ়ি নহাৰ বাবে ৫ টা বছৰ থাকিবলগীয়া হ'ল কাৰাগাৰত। অৱশেষত শুকুৰবাৰে কাৰাগাৰৰ পৰা ওলাল আন্দোলন পানিকা।

অসম আন্দোলনৰ সময়ত জন্ম হোৱাৰ বাবে পিতৃ-মাতৃ নাম ৰাখিছিল আন্দোলন পানিকা। স্বাধীন অসম'ৰ সপোন দেখি ২০০২ চনত ডিব্ৰুগড় জিলাৰ নামৰূপ কাৱৈমাৰিৰ আন্দোলন পানিকাই যোগদান কৰিছিল নিষিদ্ধ ঘোষিত সংগঠন আলফাত । ২০০৭ চনত গ্ৰেপ্তাৰ হোৱাৰ পিছত আলোচনাপন্থী গোটৰ কেম্পত আছিল আন্দোলন। বিবাহ কৰাৰ পিছত ঘৰত থাকি বিভিন্ন কৰ্মৰে জীৱন নিৰ্বাহ কৰি আছিল পানিকাই।

দৰিদ্ৰ পৰিয়ালটোত পত্নী আৰু তিনি সন্তানৰ সৈতে যেনে- তেনে চলি আছিল যুৱকজনে । তেনে সময়তে পুৰণি এটা গোচৰত আহিল ৱাৰেণ্ট। এৰেষ্ট হোৱাৰ পিছত জামিন ল'বলৈ অথবা উকিলৰ সৈতে যোগাযোগ কৰি আইনী প্ৰক্ৰিয়াত আগবাঢ়িবলৈ অসমৰ্থ হ'ল দৰিদ্ৰ পৰিয়ালটো। সতীৰ্থসকলেও জানিছিল আন্দোলন পানিকা কাৰাগাৰত থকাৰ কথা। কিন্তু আগবাঢ়ি অহা নাছিল কোনো। আলফা নেতা মৃনাল হাজৰিকাই কেৱল খবৰ লয়েই দায়িত্ব সামৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছিল আন্দোলনে।

আলফা নেতা প্ৰবাল নেওগ, জীতেন দত্ত অথবা আন সতীৰ্থসকলে এবাৰো খৱৰ নল'লে সতীৰ্থ আন্দোলন পানিকাৰ। এইসকল নেতায়েই তেওঁলোকৰ জীৱন ধ্বংস কৰা বুলি ক্ষোভ আন্দোলনৰ । ২০১৮ চনৰ পৰা পাঁচটাকৈ বছৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত থকাৰ পিছত এতিয়া কি কৰিব ঠিৰাং কৰিব পৰা নাই আন্দোলনে।ইফালে, স্বামী অবিহনে তিনি সন্তানৰ সৈতে পানিকাৰ পত্নীয়ে বহু দুখ-কষ্টৰে পাঁচটা বছৰ পাৰ কৰিবলগীয়া হ'ল। পৰিয়ালটোক সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে আন্দোলন পানিকাই।
Published by:Himangshu Bhuyan
First published: