ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি কৰা নিমাতীঘাটৰ নাও দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনে। আলফা স্বাধীন (ULFA-I)ৰ তৰফৰ পৰা প্ৰেৰণ কৰা এক বিবৃতিত সংগঠনটোৱে ঘটনাটোক লৈ গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে।
সংগঠনটোৰ প্ৰচাৰ বিভাগৰ সহঃ সম্পাদক কেপ্টেইন ৰিজু গগৈ স্বাক্ষৰিত বিবৃতিটোত অনাকাংক্ষিত দুৰ্ঘটনাত মৃত্যু হোৱা প্ৰতিগৰাকী মৃতকৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে মৃতকৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।
উল্লেখ্য, কালি আবেলি প্ৰায় ৪ বজাত নিমাতীঘাটত সংঘটিত নাও দুৰ্ঘটনাৰ ফলত মৃত্যুমুখত পৰে পৰীমিতা দাস নামৰ এগৰাকী প্ৰতিভাবান অধ্যাপিকা। আনহাতে ঘটনাটোত এতিয়াও সন্ধানহীন হৈ আছে নাও যাত্ৰী।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।