সোণাৰিত নিশা আৰক্ষীৰ এনকাউণ্টাৰ। আৰক্ষীৰ গুলীত আহত সূৰজ গগৈ। শিৱসাগৰ জিলাৰ বেতবাৰী তামুলী বজাৰ চাংমাই গাঁৱত ঘৰ সূৰজৰ। আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে, আলফা (স্বা)ত সদস্য ভৰ্তি অভিযানত জড়িত থকাৰ সন্দেহত বৃহস্পতিবাৰে আটক কৰা হৈছিল সূৰজ গগৈক।
আছাম ৰাইফলছ আৰু আৰক্ষীৰ অভিযানত সোণাৰি নগৰৰ চেনি গুডাম অঞ্চলৰ এখন চাহ দোকানৰ পৰা আটক কৰা সুৰজ গগৈ(৩৪)ৰ বিৰুদ্ধে সোণাৰি থানাত ৪৭/২০২২ নম্বৰত এটা গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 120/(B)/371 আৰু R/W section 18B(P)ৰ অধীনত সোধপোছ অব্যাহত ৰাখিছিল আৰক্ষীয়ে।
আনহাতে নিশা সোণাৰি ৰজাপুখুৰীস্থিত চৰাইদেউ অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰি ঘূৰি আহোতে আন্ধাৰৰ সুযোগ লৈ আৰক্ষীৰ বেষ্টনীৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰে ধৃত সুৰজ গগৈয়ে। আৰু তেতিয়াই আৰক্ষীয়ে সূৰজলৈ লক্ষ্য কৰি গুলীচলায়। আৰক্ষীৰ গুলী লাগে সূৰজৰ বাওঁ ভৰিত।
ইফালে গুলীবিদ্ধ লোকজনক নিশাই ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|