৩৭টা বছৰ আলফাৰ সশস্ত্ৰ বিপ্লৱত জীৱন কটাই স্বাস্থ্যজনিত কাৰণত সাধাৰণ জীৱনলৈ ২০২১ৰ এপ্ৰিলত ঘূৰি অহা জীৱন মৰাণে শনিবাৰে সন্ধিয়া শেষ নিশ্বাস ত্যাগ কৰে ৷ প্ৰায় এমাহ কাল গুৱাহাটীত চিকিৎসাধীন হৈ থকা জীৱন মৰাণৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আলফা স্বাধীনে আৰু মৰাণক অসম মৃতক হিচাপে ঘোষণা কৰে ৷
![]()
জীৱন মৰাণে শনিবাৰে সন্ধিয়া গুৱাহাটীৰ এপলো হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে (Senior ULFA–I leader Jiban Moran passes away)৷ ১৯৮৪ চনতে সংযুক্ত মুক্তি বাহিনী, অসম চমুকৈ আলফাত যোগ দিয়া জীৱন মৰাণ ওৰফে গুণৎ ডাঙৰীয়া আছিল সংগঠনটোৰ দ্বিতীয়টো কাচিনলৈ যোৱা দলৰ অন্যতম সদস্য ৷ নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠনটোৰ বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰি শেষ সময়ত সংগঠনৰ বিত্ত সচিব আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল ৷
২০১১ত বাংলাদেশত সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্বক আটক কৰি ভাৰত চৰকাৰৰ হাতত গটাই দিয়াৰ পিছত পৰেশ বৰুৱাৰ কাষত থিয় হোৱা একমাত্ৰ শীৰ্ষ নেতাজনেই আছিল জীৱন মৰাণ ৷
![]()
আলফাৰ পৰা পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনক নিশকতীয়াৰ পৰা সবল কৰাত পৰেশ বৰুৱাক সংগ দিয়া জীৱন মৰাণৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাই ৷ গভীৰ শোক প্ৰকাশ কৰি বৰুৱাই সদ্যপ্ৰয়াত জীৱন মৰাণক অমৰ মৃতক হিচাপে ঘোষণা কৰে ৷ উল্লেখযোগ্য যে বিগত বৰ্ষৰ এপ্ৰিলত স্বাস্থ্যজনিত কাৰণত আলফা স্বাধীনৰ পৰা অব্যাহতি লৈ ঘৰলৈ উভতি আহিছিল মৰাণ ৷
![]()
দুমাহ পূৰ্বে News18ৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত আলফা স্বাধীনৰ নেতাজনে কৈছিল— “যিমানখিনি পাৰিছিলোঁ, সিমানখিনি মই মনে প্ৰাণে সংগঠনৰ বাবে কৰিছিলোঁ ৷ সংগঠনৰ বিপদ কালত পৰেশ বৰুৱাৰ সৈতে থাকি আমি সংগঠনক পুনৰ শক্তিশালী কৰিছিলোঁ ৷ বহু বাধাবিঘিনিৰ মাজেৰে আমি আগবাঢ়িবলগীয়া হৈছিল ৷ শেষত মই মোৰ স্বাস্থ্য ভাঙি পৰাত সংগঠনৰ পৰা অব্যাহতি ল'বলগীয়া হ'ল ৷”
মৃত্যুৰ সময়ত বিদ্ৰোহী নেতাজনে পত্নী আৰু দুই কন্যাক ইহসংসাৰত এৰি যায় ৷
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|