মুখ্যপৃষ্ঠা »খবৰ »অসম »১০০ খনতকৈ বেছি দেশ ঘূৰি কি শিকিলে পৰেশ বৰুৱাই ?

১০০ খনতকৈ বেছি দেশ ঘূৰি কি শিকিলে পৰেশ বৰুৱাই ?

News18 ৰ মজিয়াত দল-সংগঠনৰ নেতৃত্বৰে আলোচনাত পৰেশ বৰুৱা। দীঘলীয়া আলোচনাত অংশগ্ৰহণ কৰি আলফা স্বাধীনৰ মূৰব্বী পৰেশ বৰুৱাই তেওঁৰ সংগ্ৰামী জীৱনৰ কেতবোৰ কথা সদৰী কৰিলে ৷

  • Share this:
ৰাজ্যৰ গৰিষ্ঠসংখ্যক দল সংগঠনৰ নেতৃত্ব, আইনজীৱী আৰু বিশিষ্ট ব্যক্তিৰ সৈতে এক দীঘলীয়া আলোচনা হ'ল আলফা (স্বাধীন)ৰ সৰ্বাধিনায়ক পৰেশ বৰুৱা ৷ News18য়ে আয়োজন কৰা এই আলোচনাত 'সাৰ্বভৌমত্ব' বিষয়টো ভাৰত চৰকাৰৰ সৈতে আলোচনাত হেঙাৰ হয়নে নহয়; এই বিষয়ত প্ৰতিটো দল-সংগঠনৰ নেতৃত্বই মতামত প্ৰদান কৰে ৷

দীঘলীয়া আলোচনাত অংশগ্ৰহণ কৰি আলফা স্বাধীনৰ মূৰব্বী পৰেশ বৰুৱাই তেওঁৰ সংগ্ৰামী জীৱনৰ কেতবোৰ কথা সদৰী কৰিলে ৷ পৰেশ বৰুৱাই ক'লে— “মই ১০০ খনতকৈ বেছি দেশ পৰিভ্ৰমণ কৰি বহু কথা ওচৰৰ পৰা শিকিছোঁ ৷ ভূ-ৰাজনীতিক গভীৰভাৱে অধ্যয়ন কৰিছোঁ ৷ কোন দেশে কি কি ৰাজনৈতিক আৰু কূটনৈতিক নীতি গ্ৰহণ কৰে; তাকো শিকিছোঁ ৷ এইবোৰে আমাক অভিজ্ঞ কৰিছে ৷”

News18ৰ 'বিশেষ আলোচনা'ত অংশগ্ৰহণ কৰে অসম আৰু মিজোৰামৰ প্ৰাক্তন এডভোকেট জেনেৰেল প্ৰণৱ পাঠক, জেষ্ঠ আইনবিদ নেকিবুৰ জামান, পূৰ্বৰ PCGৰ সদস্য হিৰণ্য শইকীয়া, আছুৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা, AJYCPৰ সভাপতি পলাশ ৰঞ্জন চাংমাই, টাইপা, মটক যুৱ ছাত্ৰ সন্মিলনী, কৃষক মুক্তি সংগ্ৰাম সমিতি, মটক ছাত্ৰ সন্থা, তিৱা ছাত্ৰ সন্থা, আক্ৰাছুৰ নেতৃত্ব, গুৱাহাটী বিশ্ব বিদ্যালয়ৰ ছাত্ৰী শ্বাশ্বতী সভাপণ্ডিতৰ লগতে News18ৰ ডেপুটি এডিটৰ নীলয় ভট্টাচাৰ্যয়ে ৷

শেহতীয়া বাতৰি