মুখ্যপৃষ্ঠা » খবৰ

» অসম

»'কিবা অঘটন হ'লে বিশ্বৰ ওচৰত শিৰ নত হ'ব অসমীয়াৰ'- কুইপৰ দুই বিষয়াক মুক্তি দিবলৈ আলফা(স্বাধীন)ক অনুৰোধ মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰীৰ

'কিবা অঘটন হ'লে বিশ্বৰ ওচৰত শিৰ নত হ'ব অসমীয়াৰ'- কুইপৰ দুই বিষয়াক মুক্তি দিবলৈ আলফা(স্বাধীন)ক অনুৰোধ মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰীৰ

News18 Assam | News18-Assam
Updated:February 20, 2021, 10:24 AM IST
'কিবা অঘটন হ'লে বিশ্বৰ ওচৰত শিৰ নত হ'ব অসমীয়াৰ'- কুইপৰ দুই বিষয়াক মুক্তি দিবলৈ আলফা(স্বাধীন)ক অনুৰোধ মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰীৰ
অহা সপ্তাহৰ ভিতৰত চৰম শাস্তিৰ সন্মুখীন হ'ব লাগিব দুয়োজন অপহৃত অভিযন্তা ৰাম কুমাৰ আৰু প্ৰণৱ কুমাৰ গগৈ।

অহা সপ্তাহৰ ভিতৰত চৰম শাস্তিৰ সন্মুখীন হ'ব লাগিব দুয়োজন অপহৃত অভিযন্তা ৰাম কুমাৰ আৰু প্ৰণৱ কুমাৰ গগৈ।

  • News18 Assam
  • Last Updated: February 20, 2021, 10:24 AM IST
  • Share this:
শুকুৰবাৰে কুইপৰ দুই বিষয়াৰ ওপৰত ল'বলগীয়া পৰৱৰ্তী সিদ্ধান্তৰ সন্দৰ্ভত এখন জাননী জাৰি কৰিছিল আলফা(স্বাধীন)-এ। সংবাদ মাধ্যমলৈ জাননী প্ৰেৰণ কৰাৰ পিছতে তোলপাৰ লাগে সমগ্ৰ ৰাজ্যত। জাননী অনুসৰি, চৰকাৰ, কুইপ আৰু অইলৰ সৈতে আৰু কোনো কথা নাপাতে নিষিদ্ধ ঘোষিত সংগঠনটোৱে। আনহাতে অহা সপ্তাহৰ ভিতৰত চৰম শাস্তিৰ সন্মুখীন হ'ব লাগিব দুয়োজন অপহৃত অভিযন্তা ৰাম কুমাৰ আৰু প্ৰণৱ কুমাৰ গগৈ।

আলফাই এই জাননী জাৰি কৰা পিছতে দুয়োগৰাকী অপহৃত বিষয়াক মুকলি কৰি দিবলৈ অনুৰোধ জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে মানৱীয়তাৰ খাতিৰত দুয়োগৰাকী বিষয়াক মুকলি কৰি দিবলৈ অনুৰোধ জনায়। লগতে চৰকাৰৰ সৈতে আলফাই কিবা আলোচনা কৰিব বিচাৰিলে, দুৱাৰ সদায় মুকলি আছে বুলিও জনাই দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ইফালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,  'অসমৰ মানুহে এতিয়া ধেমাজি কাণ্ড আৰু সঞ্জয় ঘোষৰ দিনবোৰ পাহৰি যাব বিচাৰিছে। আকৌ তেনে দিন ঘূৰি নহাৰ প্ৰাৰ্থনা কৰিছে সকলোৱে। কুইপৰ দুয়োগৰাকী বিষয়াৰ ওপৰত কিবা অঘটন ঘটিলে সমগ্ৰ বিশ্বৰ ওচৰত শিৰ নত হৈ যাব অসমীয়াৰ। গতিকে কুইপৰ দুই কৰ্মচাৰীক মুকলি কৰি দিব লাগে। মই আলফাক অনুৰোধ জনাইছো। দুয়োগৰাকী বিষয়াক পৰিয়ালক গটাই দিব লাগে।'
Published by: Himangshu Bhuyan
First published: February 20, 2021, 8:40 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি