মুখ্যপৃষ্ঠা »খবৰ »অসম »ULFA (I) Cadre Killed in Tinsukia : তিনিচুকীয়াত আৰক্ষী-আলফা স্বাধীনৰ মাজত সংঘৰ্ষ, আৰক্ষীৰ গুলীত নিহত আলফা(স্বা) কেডাৰ উত্তম লাহন

ULFA (I) Cadre Killed in Tinsukia : তিনিচুকীয়াত আৰক্ষী-আলফা স্বাধীনৰ মাজত সংঘৰ্ষ, আৰক্ষীৰ গুলীত নিহত আলফা(স্বা) কেডাৰ উত্তম লাহন

ULFA-I commander killed in encounter : বাহৰ পাতি থকা বুলি আৰক্ষীয়ে তথ্য লাভ কৰাৰ পিছতে IGP জিৎমল দলেৰ নেতৃত্বত এই অভিযান চলে।

ULFA-I commander killed in encounter : বাহৰ পাতি থকা বুলি আৰক্ষীয়ে তথ্য লাভ কৰাৰ পিছতে IGP জিৎমল দলেৰ নেতৃত্বত এই অভিযান চলে।

ULFA-I commander killed in encounter : বাহৰ পাতি থকা বুলি আৰক্ষীয়ে তথ্য লাভ কৰাৰ পিছতে IGP জিৎমল দলেৰ নেতৃত্বত এই অভিযান চলে।

  • Share this:

তিনিচুকীয়াৰ লিডুত আৰক্ষী আৰু আলফা(স্বাঃ)ৰ গুলীয়াগুলীৰ ঘটনাত এগৰাকী আলফা (স্বা) নিহত হৈছে। নিহত আলফা (স্বা) (ULFA-I) কেডাৰজনৰ নাম উত্তম লাহন ওৰফে উদ্ধৱ। তিনিচুকীয়া (Tinsukia)ৰ টিকক মালো পাহাৰত আৰক্ষীয়ে পুৱতিনিশা গোপন খবৰৰ ভিত্তিত অভিযান চলাইছিল।


অভিযানৰ সময়ত দুয়ো পক্ষৰ মাজত সংঘৰ্ষ (fierce gun-battle) হয় আৰু ঘটনাত আলফা সদস্যজন নিহত হয়। তথ্য অনুসৰি, DGP জি পি সিং আৰু IGP জিৎমল দলে আছিল আলফা স্বাধীনৰ টাৰ্গেট। তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকে জানিবলৈ দিয়া মতে, আলফা স্বাধীনৰ ৭-৮ জনীয়া এটা দলে বাহৰ পাতি আছিল মাৰ্ঘেৰিটা লেখাপানী অঞ্চলত। বিগত ১০ দিন ধৰি এলেকাটোত বাহৰ পাতি আছিল দলটো। তিনিচুকীয়াৰ পৰা এজন প্ৰভাৱশালী ব্যৱসায়ীক অপহৰণৰ চেষ্টা চলাইছিল দলটোৱে।


বাহৰ পাতি থকা বুলি আৰক্ষীয়ে তথ্য লাভ কৰাৰ পিছতে IGP জিৎমল দলেৰ নেতৃত্বত এই অভিযান চলে। গুলীয়াগুলীৰ অন্তত আৰক্ষী (Assam police)য়ে এটা ৰাইফল, দুটা গ্ৰেনেড, IED উদ্ধাৰ কৰে। সংঘৰ্ষত নিহত উদয় অসম IED এক্সপাৰ্ট আছিল। তেওঁ জ্যেষ্ঠ আলফা নেতা গণেশ লাহনৰ আত্মীয় তথা সোণাৰিৰ পুৰণি জবকা গাঁৱৰ বাসিন্দা আছিল। আলফা স্বাধীনৰ দলটোৰ নেতৃত্বত উদয় অসমৰ লগতে মৃগাংক অসমো আছিল বুলি জানিব পৰা গৈছে।


ইপিনে আলফা স্বাধীনৰ কেডাৰ ( ULFA-I commander Uday Asom) মৃত্যুৰ খবৰ লাভ কৰাৰ পিছতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সোণাৰিৰ পুৰণি জবকা গাঁৱত।



২০১২ চনতে ঘৰৰ পৰা কামলৈ বুলি ওলাই যোৱাৰ পিছতে আলফাত যোগদান কৰিছিল উত্তম লাহন ওৰফে উদয় অসমে। নিহত উদয় অসম পুৰণি জবকাৰ বাসিন্দা প্ৰয়াত পদু লাহন আৰু গণিতা লাহনৰ তৃতীয় পুত্ৰ।

শেহতীয়া বাতৰি