মুখ্যপৃষ্ঠা »খবৰ »অসম »মণিপুৰত আছাম ৰাইফলছৰ ওপৰত কিয় এম্বুছ? দায়িত্ব স্বীকাৰ ULFA-I, RPF আৰু MNPFৰ

মণিপুৰত আছাম ৰাইফলছৰ ওপৰত কিয় এম্বুছ? দায়িত্ব স্বীকাৰ ULFA-I, RPF আৰু MNPFৰ

  • Share this:
মণিপুৰৰ চান্দেলত সংঘটিত ভয়ংকৰ এম্বুছৰ দায়িত্ব স্বীকাৰ কৰিলে ULFA-I, PLA আৰু MNPFএ ৷ বুধবাৰে নিশা প্ৰায় ৮:৩০ বজাত সংঘটিত হৈছিল আছাম ৰাইফলছৰ ওপৰত এম্বুছ ৷ এম্বুছত নিহত হৈছিল তিনিজন জোৱান ৷ আহত হৈছিল আন ছজন জোৱান ৷



বুুুুধবাৰৰ নিশা সংঘটিত এম্বুুছত নিহত তিনিজনৰে এজন অসমৰ বৰপেটাৰ ৷ বৰপেটাৰ প্ৰণয় কলিতা ৷ বাকী এজনৰ ঘৰ মণিপুৰ আৰু এজনৰ ঘৰ নাগালেণ্ডত ৷ ULFA-I, RPF আৰু MNPFয়ে দাবী কৰে যে বুুুধবাৰৰ নিশাৰ এম্বুুছত চাৰিজন ভাৰতীয় সেনা
নিহত হৈছে ৷ 

ULFA-I, RPF আৰু MNPFয়ে বৃৃৃহস্পতিবাৰে দিয়া এক যৌথ বিবৃতিত কয় যে ভাৰতীয় দখলদাৰী বাহিনীৰ বিৰুদ্ধে পশ্চিম দক্ষিণ পূব এছিয়াৰ স্বাধীনতাকামী সংগঠনসমূূূহৰ সশস্ত্ৰ সংগ্ৰাম চলি থাকিব ৷ এইক্ষেত্ৰত ভাৰতীয় দখলদাৰী বাহিনীৰ পৰা এই অঞ্চলৰ ৰাইজ আঁঁতৰি থাকক ৷

শেহতীয়া বাতৰি