নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা স্বাধীন (ULFA-I)ৰ বাৰ্ষিক বাজেট কিমান? ম্যানমাৰৰ গভীৰ অৰণ্যত সিচৰিত হৈ থকা সংগঠনটোৰ কেম্পসমূহ চলাবলৈ ক'ৰ ক'ৰ পৰা টকা সংগ্ৰহ কৰা হয়?
নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা স্বাধীন (ULFA-I)ৰ বাৰ্ষিক বাজেট কিমান? ম্যানমাৰৰ গভীৰ অৰণ্যত সিচৰিত হৈ থকা সংগঠনটোৰ কেম্পসমূহ চলাবলৈ ক'ৰ ক'ৰ পৰা টকা সংগ্ৰহ কৰা হয়?
নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা স্বাধীন (ULFA-I)ৰ বাৰ্ষিক বাজেট কিমান? ম্যানমাৰৰ গভীৰ অৰণ্যত সিচৰিত হৈ থকা সংগঠনটোৰ কেম্পসমূহ চলাবলৈ ক'ৰ ক'ৰ পৰা টকা সংগ্ৰহ কৰা হয়? কেম্পবোৰ কেনেকৈ চলোৱা হয়? খাদ্য সামগ্ৰী, সাজ-পোছাক আদি কেনেকৈ সংগ্ৰহ কৰা হয়?
সাধাৰণ মানুহৰ মনত উদয় হোৱা এই প্ৰশ্নবোৰৰ উত্তৰ দিলে ১৯৮৪ চনৰে পৰা নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠনটোত থাকি বিত্ত সচিব হিচাপে দায়িত্ব পালন কৰা মেজৰ জেনেৰেল জীৱন মৰাণে ৷
News18ৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত জীৱন মৰাণে ক'লে- “বছৰি আমাক এক কোটিতকৈ বেছি টকাৰ প্ৰয়োজন হয় ৷ কেতিয়াবা কোটিৰ তলত আৰু কেতিয়াবা কোটিৰ ওপৰত টকাৰ প্ৰয়োজন হয় ৷ এই সকলোখিনি নিৰ্ভৰ কৰে পৰিৱেশ-পৰিস্থিতি আৰু কেম্পসমূহৰ প্ৰয়োজনীয়তাৰ ওপৰত ।”
টকা পিছে ক'ৰ ক'ৰ পৰা সংগ্ৰহ কৰে আৰু কেম্পবোৰক কি হিচাপত টকা দিয়ে? এই প্ৰশ্নৰ উত্তৰত মৰাণে ক'লে- “সেনাপ্ৰধান পৰেশ বৰুৱা, জেষ্ঠ নেতা নয়ন মেধি, অৰুণোদয় দহোতীয়া আৰু মই বিভিন্ন উৎসৰ পৰা আমি অৰ্থ সাহায্য সংগ্ৰহ কৰোঁ ৷ এইক্ষেত্ৰত সেনাপ্ৰধানৰ পৰামৰ্শমতে আমি কামখিনি কৰোঁ ৷ কেম্পসমূহত প্ৰয়োজন হোৱা টকা কেতিয়াবা মাহে, কেতিয়াবা দুমাহত সেনাপ্ৰধানে পোনপটীয়াকৈ মোলৈকে পঠিয়াই ৷ তাৰ পিছত সেনাপ্ৰধানৰ পৰামৰ্শক্ৰমে কেম্পসমূহত টকাবোৰ বিতৰণ কৰি দিয়া হয় ৷”
সংগঠনৰ পৰা অব্যাহতি লৈ অহাৰ সময়ত সংগঠনৰ চেণ্ট্ৰেল হেড কোৱাৰ্টাৰত দুই কোটি টকা এৰি অহা বুলিও আছুতীয়া সাক্ষাৎকাৰত সদৰী কৰে জীৱন মৰাণে ৷
ULFA-Iৰ বিত্ত সচিব হিচাপে ২০২১লৈ কাৰ্যনিৰ্বাহ কৰা জীৱন মৰাণে স্বাস্থ্যজনিত কাৰণত সংগঠনৰ পৰা অব্যাহতি লয় আৰু আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰে ৷ মৰাণে জনোৱা মতে ম্যানমাৰৰ কেম্পসমূহত মূলত খাদ্য সামগ্ৰী আৰু সাজ-পোছাক কিনাৰ বাবে বিশেষ খৰছ হয় ৷ বতৰ বেয়া হ'লে খৰছ বেছি হয় কেম্পবোৰত ৷
পৰেশ বৰুৱাৰ সৈতে সংগঠনত যোগদান কৰাৰ দিনৰে পৰা সুসম্পৰ্ক ৰক্ষা কৰা জীৱন মৰাণে আলফাৰ পৰা আলফা স্বাধীনলৈ এই দীঘলীয়া পৰিক্ৰমাত সংগঠনটোৰ বহু উত্থান-পতন দেখিছে ৷ আলফা-ছালফাৰ সংঘাত, গুপ্তহত্যা, অপাৰেচন বজৰং, অপাৰেচন ৰাইনো, অপাৰেচন অল ক্লীয়াৰ, বাংলাদেশত ২০০৯ত কেন্দ্ৰীয় নেতৃত্বক গ্ৰেপ্তাৰ কৰি ভাৰতৰ হাতত গটাই দিয়া, ম্যানমাৰত ২০১৯ত চলা বাৰ্মিজ সেনাৰ আক্ৰমণ নিজ চকুৰে দেখিছে ৷
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|