• Home
  • »
  • News
  • »
  • assam
  • »
  • গুৱাহাটীৰ পৰা নিখোজ দুই যুৱতী ক'লৈ গ'ল? ULFA-Iৰ অস্বীকাৰ, ক'লে- আমাৰ সংগঠনত যোগ দিয়া নাই

গুৱাহাটীৰ পৰা নিখোজ দুই যুৱতী ক'লৈ গ'ল? ULFA-Iৰ অস্বীকাৰ, ক'লে- আমাৰ সংগঠনত যোগ দিয়া নাই

গুৱাহাটীৰ কোনো যুৱতী সংগঠনলৈ অহা নাই: ULFA-I 

গুৱাহাটীৰ কোনো যুৱতী সংগঠনলৈ অহা নাই: ULFA-I 

গুৱাহাটীৰ কোনো যুৱতী সংগঠনলৈ অহা নাই: ULFA-I 

  • Share this:
ৰাজ্যৰ ৰাজধানী গুৱাহাটীৰ মহানগৰীৰ পৰা নিখোজ হোৱা দুই যুৱতীক লৈ সৰ্বত্ৰ চৰ্চা চলি থকাৰ মাজতে শনিবাৰে সন্ধিয়া আলফা স্বাধীনৰ পৰা আহিল এক স্পষ্টীকৰণ। বাতৰিত প্ৰকাশ হোৱাৰ দৰে আলফা স্বাধীনত গুৱাহাটীৰ কোনো যুৱতীয়ে যোগদান কৰা নাই বুলি নিষিদ্ধঘোষিত বিদ্ৰোহী সংগঠনটোৰ এক উচ্চস্তৰীয় সূত্ৰই News18ক সদৰী কৰে ৷

গুৱাহাটীৰ খাৰঘুলিৰ জয়পুৰ অঞ্চলৰ ঘৰৰ পৰাই ডিব্ৰুগড়লৈ বুলি ওলাই গৈছিল এইগৰাকী ২৬ বছৰীয়া যুৱতী সৰস্বতী দাস ৷ ঘূৰি আহিম বুলি কৈ ঘৰলৈ উভতি নহা সৰস্বতীয়ে নিষিদ্ধঘোষিত বিদ্ৰোহী সংগঠন ULFA-Iত যোগ দিলে নেকি? এই বিষয়ক লৈ সৰস্বতী দাসৰ মাতৃয়েও সন্দেহ প্ৰকাশ কৰিছে (Guwahati Girls Join In ULFA-I) ৷

ইতিমধ্যে আৰক্ষীয়ে সৰস্বতী দাসৰ বাসগৃহৰ পৰা আলফা বিষয়ক লৈ ৰচিত বহুকেইখন কিতাপ উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ৷ গুৱাহাটীৰ যুৱতী আলফা স্বাধীনৰ শিবিৰলৈ যোৱাৰ বিষয়টোক লৈ শনিবাৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ক'লে- “কেৱল দুগৰাকীয়ে নহয়, বহুকেইজন গৈছে ULFA-Iলৈ ৷”

সৰস্বতী দাস আৰু ৰুমী ডেকা সন্দৰ্ভত এনেদৰে চৰ্চা চলি থকাৰ সময়তে শনিবাৰে সন্ধিয়া আলফা স্বাধীনৰ পৰা আহিল এক খবৰ ৷ নিষিদ্ধঘোষিত বিদ্ৰোহী সংগঠনটোৰ এক শীৰ্ষ সূত্ৰই News18ক সদৰী কৰি কয়- “গুৱাহাটীৰ কোনো যুৱতীয়ে যোগ দিয়া নাই ULFA-Iত ৷ গুৱাহাটীৰ যুৱতীয়ে পাহাৰত খোজ কঢ়াটো অসম্ভৱ ৷ ”

লগতে আলফা স্বাধীনৰ শীৰ্ষ সূত্ৰটোৱে দাবী কৰে যে কোনোবাই কিবা অপকৰ্মত লিপ্ত হৈ আলফা স্বাধীনক দোষ জাপি দিব পাৰে ৷ এনেদৰে গুৱাহাটীৰ নিখোজ যুৱতীক লৈ এতিয়া চলিছে চৰ্চা ৷ পিছে, প্ৰশ্ন এটাই- “ক'লৈ গ'ল গুৱাহাটীৰ দুই যুৱতী?”
Published by:Gautam Barman
First published: