আলফা (স্বা)ত মোক্ষম আঘাত।চৰাইদেউ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিলে আলফা (স্বা)ৰ লেঞ্চ ক'ৰপৰেল জাগৰণ অসমে।
আলফা (স্বা) এৰি মূলসুঁতিলৈ ঘুৰি আহিল জাগৰণ অসম ওৰফে নীলোৎপল তামুলী। চৰাইদেউ জিলাৰ সোণাৰিৰ বৰহাট পূব নলবৰীয়া গাঁৱত ঘৰ জাগৰণ অসমৰ। ২০১৮ চনত ULFA (I)ত যোগদান কৰা জাগৰণ অসমে ইতিমধ্যে চৰাইদেউ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে।
নিষিদ্ধঘোষিত সংগঠনটোৰ লেঞ্চ ক'ৰ্পৰেল পৰ্যায়ৰ সদস্য জাগৰণ অসমে ম্যানমাৰস্থিত ৭৭৯ নং শিবিৰৰ পৰা পলাই আহি আত্মসমৰ্পণ কৰিছে আৰক্ষীৰ ওচৰত। আনহাতে আলফা (স্বা) শিবিৰৰ পৰা পলাই অহা জাগৰণ অসমে এটা Made in China 7.62 mm MQ 81 Assault Rifle, তিনিটা মেগজিন, ১৪৮ ৰাউণ্ড সজীৱ গুলী, ২৫ কেজি ৭০০ গ্ৰাম আৰডিএক্সসহ অন্যান্য বহুতো সামগ্ৰী আৰক্ষীক চমজাই দিছে (ULFA (I) Leader Surrender)।
![]()
মন কৰিবলগীয়া যে আলফা (স্বা)লৈ নতুন মুখৰ যুৱক-যুৱতীয়ে যোগদান কৰাৰ লগতে এৰি অহা শিবিৰত ৭০ জনৰো অধিক কেডাৰ থকা বুলি জানিবলৈ দিছে সংবাদ মাধ্যমৰ আগত।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|