শনিবাৰে পুৱা আলফাৰ দুগৰাকী সদস্যক সংগঠনটোৱে মৃত্যুদণ্ড দিয়ে। চোৰাংচোৱাৰ অভিযোগৰ ভিত্তিত সঞ্জীৱ শৰ্মাক আৰু ধনজিৎ দাস ওৰফে ৰূপক অসমক মৃত্যুদণ্ড বিহিলে আলফা স্বাধীনে। এই খবৰ লাভ কৰাৰ পিছতে ধনজিত দাসৰ বাসগৃহত কান্দোনৰ ৰোল উঠে। মাৰ্চত মাহত আলফাত যোগদান কৰিছিল ধনজিতে। পত্নীৰ লগতে এটি ৪ বছৰীয়া সন্তানো আছে ধনজিতৰ। বৰপেটাৰ ধনজিত দাসৰ বাসগৃহত এতিয়া শোকাকুল পৰিৱেশ।
আলফালৈ যোৱাৰ পূৰ্বে বৰপেটাৰ এখন কাপোৰৰ দোকানত চেলছ মেন হিচাপে কাম কৰিছিল ধনজিত দাসে। ৭ বছৰ ধৰি কাপোৰৰ দোকানখনত কৰ্মৰত আছিল যুৱকজন।ইফালে আলফাই মৃত্যুদণ্ড দিয়াৰ সন্দৰ্ভত পৰেশ বৰুৱাই কয় যে, 'পুৱা ৮ বজাত মৃত্যুদণ্ড কাৰ্যকৰী কৰা হয়। ১০ দিন মান পূৰ্বেই দুয়োকে বন্দী কৰি থোৱা হৈছিল।'
উল্লেখ্য যে, ধনজিত আৰু সঞ্জীৱে অসম আৰক্ষীৰ চোৰাংচোৱা হিচাপে কাম কৰাৰ অভিযোগ কৰিছিল আলফাই। আনকি অসম আৰক্ষীৰ নিৰ্দেশত আলফাত দুয়োজন যুৱকে যোগদান কৰিছিল বুলি দাবী কৰিছে নিষিদ্ধ ঘোষিত সংগঠনটোৱে। যোৱা ২৪ এপ্ৰিলত আলফাৰ শিবিৰৰ পৰা পলায়ন কৰিছিল ধনজিতে। কিন্তু ২৫ এপ্ৰিলত আলফাই পুনৰ কৰায়ত্ত কৰিবলৈ সক্ষম হয়।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|