দ্বিতীয়বাৰলৈ ULFA-Iয়ে যুদ্ধবিৰতিৰ ম্যাদ বৃদ্ধি কৰিছে ৷ তিনিমাহলৈ এই যুদ্ধবিৰতি ঘোষণা কৰা হৈছে বুলি দেওবাৰে সদৰি কৰে ULFA-Iৰ সভাপতি তথা মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই।
যোৱা ১৪ মে'ত প্ৰথমবাৰৰ বাবে যুদ্ধবিৰতি ঘোষণা কৰিছিল পৰেশ বৰুৱা নেতৃত্বাধীন ULFA-Iয়ে ৷ অসমৰ জনস্বাৰ্থৰ খাতিৰত এই যুদ্ধবিৰতি কৰা বুলি এক প্ৰেছ বিবৃতিৰ জৰিয়তে সদৰি কৰিছে ULFA-Iৰ প্ৰচাৰ গোটৰ সদস্য ৰুমেল অসমে ৷ এই সময়ছোৱাত সকলো সামৰিক কাৰ্যকলাপৰ পৰা বিৰত থাকিব ULFA-I ৷