প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত পৰেশ বৰুৱাই গভীৰ শোক প্ৰকাশ কৰিছে ৷ সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত গগৈয়ে শেষ নিশ্বাস ত্যাগ কৰাত তাৎক্ষণিকভাৱে গভীৰ শোক প্ৰকাশ কৰে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ তথা উপ সভাপতি পৰেশ বৰুৱাই ৷
News18লৈ টেলিফোন কৰি আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ তথা উপ সভাপতি পৰেশ বৰুৱাই ক'লে- “তিনিবাৰকৈ অসমৰ মুখ্যমন্ত্ৰী হোৱা তৰুণ গগৈৰ বিদেহ আত্মাই চিৰশান্তি লাভ কৰক ৷ তেওঁ অসম-ভাৰত সংঘাত নিৰাময়ৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছিল ৷ তেওঁৰ দিনত অসমত চলা নৃশংস গুপ্তঘাতকৰ দিনবোৰ কিছু পৰিমাণে শাম কাটিছিল ৷ তেওঁ অসমৰ বাবে কৰা কাম আৰু অসম-ভাৰত সংঘাত নিৰাময়ৰ বাবে চলোৱা প্ৰচেষ্টাৰ বাবে আমি তেওঁৰ ওচৰত চিৰ কৃতজ্ঞ ৷ তেওঁৰ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ আমি শ্ৰদ্ধা আৰু শোক বাৰ্তা প্ৰেৰণ কৰিলোঁ ৷”
FIRST PUBLISHED : November 23, 2020, 18:36 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।