‘আত্মসমৰ্পণৰ নাটক বন্ধ কৰক অসম আৰক্ষীয়ে, নহ'লে ভয়াৱহ হ'ব পৰিস্থিতি’

News18 Assam | News18-Assam
Updated:January 22, 2020, 6:42 PM IST
‘আত্মসমৰ্পণৰ নাটক বন্ধ কৰক অসম আৰক্ষীয়ে, নহ'লে ভয়াৱহ হ'ব পৰিস্থিতি’
আত্মসমৰ্পণ কাৰ্যসূচীৰ পূৰ্বে আৰক্ষীক কঠোৰ সমালোচনা পৰেশ বৰুৱাৰ।

আত্মসমৰ্পণ কাৰ্যসূচীৰ পূৰ্বে আৰক্ষীক কঠোৰ সমালোচনা পৰেশ বৰুৱাৰ।

  • Share this:
অসম আৰক্ষীক কঠোৰ সমালোচনা কৰিছে আলফা (স্বাধীন)ৰ মুখ্য সেনাপ্ৰধান পৰেশ বৰুৱাই৷ বৃহস্পতিবাৰে আলফা (স্বাধীন)ৰ নেতা-কেডাৰৰ সৈতে মুুঠ ৬৪৪ জনে আত্মসমৰ্পণ কৰিব বুলি আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই বুধবাৰে সদৰি কৰিছিল৷ ইয়াৰ পিছতেই অসম আৰক্ষীক কঠোৰ ভাষাৰে সমালোচনা কৰে পৰেশ বৰুৱাই৷

“আত্মসমৰ্পণৰ নাটক কৰিছে অসম আৰক্ষীয়ে৷ আগতে আত্মসমৰ্পণ কৰাবোৰকে পুনৰ আত্মসমৰ্পণ কৰাব বিচাৰিছে৷ এই নাটক অসম আৰক্ষীয়ে বন্ধ কৰক৷ এই নাটক কৰি আলফা(স্বাধীন)ক হেয় প্ৰতিপন্ন কৰিব বিচাৰিছে৷ আলফা(স্বাধীন)ক ধ্বংস কৰিব নোৱাৰে৷ আমি বৰং শক্তিশালীহে হম’’, News18ক টেলিফোন কৰি ক'লে পৰেশ বৰুৱাই।

অসম আৰক্ষীক সকীয়াই বৰুৱাই ক'লে, “এনে নাটক বন্ধ নকৰিলে নাটক ৰচা আৰক্ষী বিষয়াৰ বিৰুদ্ধে আমি লাগিম। পদোন্নতি নহ'ব তেওঁলোকৰ, বৰং অৱনতিহে হ'ব। তেনে আইন-শৃংখলা পৰিবেশৰ সূচনা হ'ব অসমত।”
আৰু চাওক
পৰৱৰ্তী বাতৰি