• Home
  • »
  • News
  • »
  • assam
  • »
  • অসম ৰাইফলছৰ শিবিৰ আক্ৰমণ সন্দৰ্ভত ভাৰতীয় সেনাৰ বিবৃতি, এজন জেচিঅ’ আঘাতপ্ৰাপ্ত

অসম ৰাইফলছৰ শিবিৰ আক্ৰমণ সন্দৰ্ভত ভাৰতীয় সেনাৰ বিবৃতি, এজন জেচিঅ’ আঘাতপ্ৰাপ্ত

পুৱতি নিশা ৩:৩০ত প্ৰথমটো আক্ৰমণৰ ঘটনা সংঘটিত হয়৷ ম্যানমাৰ সীমান্তৰ নাগালেণ্ডৰ চাৰামতিত সেনাৰ কেম্পতো আক্ৰমণ৷ অৱশ্যে আক্ৰমণৰ ঘটনাৰ দায়িত্ব এতিয়াও স্বীকাৰ কৰা নাই আলফা স্বাধীন বা এন এছ চি এনে।

  • Share this:
ভাৰত–ম্যানমাৰ সীমান্তত অসম ৰাইফলছৰ শিবিৰত আক্ৰমণ সন্দৰ্ভত ভাৰতীয় সেনাই প্ৰকাশ কৰিলে বিবৃতি। বিদ্ৰোহীৰ এম্বুশ্বত এজন জেচিঅ’ সামান্যভাৱে আহত হৈছে। আছাম ৰাইফলছৰ এজন জেচিঅ’ আহত হৈছে এই ঘটনাত। বাকী কোনো ক্ষয়–ক্ষতি হোৱা নাই বুলি দাবী সেনাৰ।

উল্লেখযোগ্য যে যোৱানিশা আছাম ৰাইফলছৰ শিবিৰত আক্ৰমণ সংঘটিত কৰে আলফা(স্বাঃ) আৰু NSCNৰ দলে। ভাৰত–ম্যানমাৰ সীমান্তৰ পাংছুপাছত এই সংঘৰ্ষ। সেনাই নতুনকৈ স্থাপন কৰা শিবিৰত আক্ৰমণ সংঘটিত হৈছে।

খবৰ অনুসৰি, ১৯ অসম ৰাইফলছৰ ওপৰত NSCN(K) আৰু আলফাই চাৰি ৰাউণ্ড ধাৰাসাৰ গুলীবৰ্ষণ কৰে আৰু সেই স্থানৰ পৰা ১০০ মিটাৰ দূৰত্বত অসম ৰাইফালছৰ কেম্প আছিল। ধাৰাসাৰ গুলীবৰ্ষণ কৰি উগ্ৰপন্থীৰ দলটো সেই স্থানৰ পৰা আঁতৰি যায়। তাৰ পিছতে অসম ৰাইফলছৰ ফালৰ গুলীৰে প্ৰত্যুত্তৰ দিয়া হয়।

পুৱতি নিশা ৩:৩০ত প্ৰথমটো আক্ৰমণৰ ঘটনা সংঘটিত হয়৷ ম্যানমাৰ সীমান্তৰ নাগালেণ্ডৰ চাৰামতিত সেনাৰ কেম্পতো আক্ৰমণ৷ অৱশ্যে আক্ৰমণৰ ঘটনাৰ দায়িত্ব এতিয়াও স্বীকাৰ কৰা নাই আলফা স্বাধীন বা এন এছ চি এনে।
Published by:Sanjay Kumar Das
First published: