সাৰ্বভৌমত্ব অবিহনে আলোচনাত বহিবলৈ সদায় অস্বীকাৰ কৰা পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনক কেনেদৰে আলোচনাৰ মেজলৈ সন্মানজনক ভাৱে আনিব চৰকাৰে ? এইক্ষেত্ৰত মধ্যম পন্থাৰ পোষকতা কৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ সঁহাৰি জনালে পূৰ্বৰ PCG সদস্য হিৰণ্য শইকীয়াই ৷
পূৰ্বৰ PCGৰ অন্যতম সদস্য হিৰণ্য শইকীয়াই মধ্যম পন্থাৰ প্ৰতি সঁহাৰি জনাই News18ক ক'লে- “সংশোধনী আনক ভাৰতীয় সংবিধানত ৷ সংবিধান সংশোধন কৰি সংযোজন কৰক সাৰ্বভৌমত্বৰ বিকল্প ব্যৱস্থাৰ ৷ সাৰ্বভৌমত্বৰ বিকল্প ব্যৱস্থাৰ জৰিয়তে সুৰক্ষিত কৰক অসম আৰু অসমীয়া ৰাজনৈতিক অধিকাৰক ৷”
ইতিমধ্যে আলফা (স্বাধীন) আৰু চৰকাৰৰ আলোচনাকলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰিছে ইতিবাচক পদক্ষেপ ৷ পূৰ্বৰ অসমৰ মুখ্যমন্ত্ৰীসকলৰৰ বিপৰীত স্থিতিত বৰ্তমানৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অৱস্থান গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে হিৰণ্য শইকীয়াই ৷ শইকীয়াই ক'লে- “মুখ্যমন্ত্ৰী ড° শৰ্মাৰ স্থিতি দিল্লীত এটা, অসমত এটা নহয় ৷ আগৰ মুখ্যমন্ত্ৰীসকলে দিছপুৰত এটা কৈছিল আৰু দিল্লীত আন এটা স্থিতি গ্ৰহণ কৰা দেখা গৈছিল ৷ কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই একেটাই স্থিতি গ্ৰহণ কৰা দেখা গৈছে দিল্লী আৰু দিছপুৰত ৷”
উল্লেখযোগ্য যে আলফা (স্বাধীন)ৰ আলোচনাৰ মূল চৰ্ত হ'ল সাৰ্বভৌমত্বৰ ওপৰত আলোচনা। চাৰি দশক ধৰি সশস্ত্ৰ সংগ্ৰাম চলাই যোৱা পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বাধীন)এ এৰা নাই সাৰ্বভৌমত্বৰ দাবী ৷ ইয়াৰ বিপৰীতে সাৰ্বভৌমত্ব ৰক্ষাৰ শপত লোৱা জনপ্ৰতিনিধিও এৰিব নোৱাৰে সাৰ্বভৌমত্বক ৷ দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক সাক্ষাৎ কৰাৰ পিছত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দুয়োপক্ষৰ সন্মানজনক স্থিতিৰ বাবে মধ্যম পন্থা উলিয়াবলৈ বিচাৰিছে বুলি সদৰী কৰিছে ৷
এনে সময়ত 'সাৰ্বভৌমত্ব'ৰ বিষয়টোৰ বিকল্প কি হ'ব? পূৰ্বৰ PCG সদস্য হিৰণ্য শইকীয়াই এই সন্দৰ্ভত ক'লে- “সংখ্যালঘুত পৰিণত হ'বলৈ আগবঢ়া অসমীয়াৰ বাবে লাগিব খিলঞ্জীয়াৰ ৰাজনৈতিক অধিকাৰ ৷ অসমৰ মাটি আৰু অৰ্থনৈতিক সম্পদৰ ওপৰত থাকিব লাগিব প্ৰভুত্ব। তেনে বিকল্প ব্যৱস্থাৰে আগবাঢ়িলে নিশ্চয় মধ্যম পন্থাৰ সন্ধান পোৱা যাব ৷"
প্ৰযোজনত ভাৰতৰ নমনীয় সংবিধান ব্যৱস্থাৰ এক সংশোধনীৰ প্ৰয়োজন আছে বুলি দাবী কৰে হিৰণ্য শইকীয়াই ৷ শইকীয়াই লগতে আছুতীয়াকৈ এক বিশেষ অনুসূচী সন্নিবিষ্ট কৰাৰো দাবী কৰে ৷
এতিয়া সময়ে নিৰ্ণয় কৰিব কোন দিশে আগবাঢ়ে আলোচনাৰ প্ৰক্ৰিয়া ৷ যিটোক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যথেষ্ট গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে ৷
Published by: Himangshu Bhuyan
FIRST PUBLISHED : July 05, 2021, 19:43 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|