আজি ২০২২ বৰ্ষৰ প্ৰথমটো দিন। আজিৰ দিনটোতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক, সম্পাদকসকলৰ সৈতে মত বিনিময় কৰে। মুখ্যমন্ত্ৰীয়ে লগতে নতুন বছৰত কি কি কাৰ্যপন্থাৰে চৰকাৰ আগবাঢ়িব, সেইলৈও বিশদ ভাবে মন্তব্য কৰে। মুখ্যমন্ত্ৰীৰ মুখত শুনিবলৈ পোৱা গ'ল আলফা আৰু চৰকাৰৰ মাজৰ আলোচনাৰ প্ৰসংগ।
আলফা স্বাধীনৰ সভাপতি পৰেশ বৰুৱাৰ সৈতে অনানুষ্ঠানিক আলোচনা যোগাত্মক দিশত আগবাঢ়ি আছে বুলি বছৰৰ পহিলা দিনটোত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে ৷ মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে আলফা স্বাধীনৰ সভাপতি পৰেশ বৰুৱায়েও মুখ্যমন্ত্ৰী ড° শৰ্মাক আলোচনাৰ অনুঘটক আখ্যা দি তেওঁৰ দিনতে ৪২ বছৰীয়া সংঘাতৰ নিৰাময় হ'ব বুলি আশা ব্যক্ত কৰে ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, 'ULFA-Iৰ সৈতে একাংশই যোগাযোগত আছে ৷ তেওঁলোকে মোক জনাইছে যে পৰেশ বৰুৱাই মধ্যস্থতা কৰিব ৷ সাৰ্বভৌমত্ব বিষয়টোয়ে বাধা আনিছে ৷ কেন্দ্ৰীয় চৰকাৰেও বিষয়টো গুৰুত্বসহকাৰে লৈছে ৷ মোৰ হৈ আৰু চৰকাৰৰ হৈ পৰেশ বৰুৱাৰ সৈতে আলোচনা চলাই আছে ৷ তেওঁলোকে জনোৱা মতে পৰেশ বৰুৱা যোগাত্মক ৷ একপক্ষীয় যুদ্ধবিৰতি অতি যোগাত্মক ৷ পৰেশ বৰুৱাৰ যুদ্ধবিৰতিৰ এই সময়ত কোনো সংঘাত হো্ৱা নাই নিৰাপত্তাৰক্ষীৰে। পৰেশ বৰুৱাই যিমান সদিচ্ছা দেখুৱাইছে সিমানে আমি চৰকাৰেও সদিচ্ছা দেখুৱাইছো।'
ইফালে মুখ্যমন্ত্ৰী ড° শৰ্মাৰ এই ইতিবাচক ঘোষণাৰ পিছতে আলফা স্বাধীনৰ সভাপতি পৰেশ বৰুৱায়ে জনালে আদৰণি ৷ News18লৈ টেলিফোন কৰি পৰেশ বৰুৱাই কয় যে, 'মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আলোচনাৰ উদ্যোগক আদৰণি জনাইছো। মুখ্যমন্ত্ৰীয়ে সদোত্তৰ দিছে, আমিও সহাৰি জনাইছো। এই মুখ্যমন্ত্ৰীৰ কথা দিল্লীয়ে নুশুনিলে দুৰ্ভাগ্যজনক হ'ব। আমি বিশ্বাসী যে মুখ্যমন্ত্ৰী ড° শৰ্মাই দিল্লীক বুজাব পাৰিব।'
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|