আলোচনালৈ আহিব নেকি আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা। শেহতীয়াকৈ কিছুদিন ধৰি এই বিষয়টোৱে লাভ কৰিছে ব্যাপক চৰ্চা। তাৰ মাজতে মুখ্য সেনাধ্যক্ষ তথা উপ-সভাপতি পৰেশ বৰুৱালৈ আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদ (IHRC)-এ শনিবাৰে এখন চিঠি প্ৰেৰণ কৰে ৷ চিঠিৰ জৰিয়তে শেহতীয়াকৈ আলোচনাৰ পৰিৱেশ ৰচনা কৰাৰ বাবে পৰেশ বৰুৱাক আন্তৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদে অভিনন্দন জ্ঞাপন কৰে ৷ লগতে প্ৰয়োজনত আলোচনাৰ মধ্যস্থতাকাৰী হোৱাৰ বাবে আগ্ৰহো প্ৰকাশ কৰে।
ৰাষ্ট্ৰসংঘৰ অধীনৰ সংস্থা আন্তঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদ (IHRC)এ এনেদৰে আলোচনাৰ মধ্যস্থতা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰাটো অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷ আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৱে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালতে আলোচনাৰ জৰিয়তে সমস্যা সমাধানৰ বাবে আহ্বান জনায় ৷ এখন চিঠিৰ জৰিয়তে পৰেশ বৰুৱাক এই আহ্বান জনাই IHRCৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কমল ৰাজ ছেট্টীয়ে ৷
Published by: Himangshu Bhuyan
FIRST PUBLISHED : May 30, 2021, 12:55 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|