মুখ্যপৃষ্ঠা »খবৰ »অসম »'সাৰ্বভৌমত্ব পৰেশ বৰুৱাইয়ো এৰিব নোৱাৰে, আমিও ধৰিব নোৱাৰো'-পৰেশ বৰুৱাৰ সৈতে আলোচনাৰ বাবে মধ্যম পন্থাৰ পোষকতা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

'সাৰ্বভৌমত্ব পৰেশ বৰুৱাইয়ো এৰিব নোৱাৰে, আমিও ধৰিব নোৱাৰো'-পৰেশ বৰুৱাৰ সৈতে আলোচনাৰ বাবে মধ্যম পন্থাৰ পোষকতা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনৰ সৈতে সন্মানজনক আলোচনাৰ পথ উলিয়াবলৈ চেষ্টা কৰি থকা হৈছেঃ হিমন্ত বিশ্ব শৰ্মা

পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনৰ সৈতে সন্মানজনক আলোচনাৰ পথ উলিয়াবলৈ চেষ্টা কৰি থকা হৈছেঃ হিমন্ত বিশ্ব শৰ্মা

  • Share this:
বহু চৰ্চিত আলফা স্বাধীন আৰু চৰকাৰৰ আলোচনাৰ প্ৰক্ৰিয়া সন্দৰ্ভত কেতবোৰ ইতিবাচক ইংগিত দিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ দিল্লী ভ্ৰমণ সামৰি অসমলৈ উভতি অহাৰ পূৰ্বে মুখ্যমন্ত্ৰী ড° শৰ্মাই মধ্যম পন্থাৰ জৰিয়তে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনক আলোচনাৰ মেজলৈ সন্মানজনকভাৱে অনাৰ পোষকতা কৰে ৷

সাংবাদিকৰে নতুন দিল্লীত হোৱা বাৰ্তালাপত শনিবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ক'লে- “পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনৰ সৈতে সন্মানজনক আলোচনাৰ পথ উলিয়াবলৈ চেষ্টা কৰি থকা হৈছে ৷ বহুকেইজন ব্যক্তিয়ে এই বিষয়ত কাম কৰি আছে ৷ পৰেশ বৰুৱাৰ সৈতেও তেওঁলোকে কথা পাতি আছে আৰু মোৰ সৈতেও কথা পাতি আছে ৷ মই নিজেও দিল্লীৰ সৈতে এই বিষয়ত কথা পাতি আছো ৷”

সাৰ্বভৌমত্বৰ বিষয়ত নিজ  স্থিতিত দীৰ্ঘদিন ধৰি অটল হৈ থকা পৰেশ বৰুৱাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° শৰ্মাই ক'লে- “ পৰেশ বৰুৱাই সাৰ্বভৌমত্বৰ বিষয়ত আলোচনা বিচাৰি আছে দীৰ্ঘদিনৰে পৰা ৷ আমিও সাৰ্বভৌমত্ব ৰক্ষাৰ শপত খাই মুখ্যমন্ত্ৰী হৈছো, জনপ্ৰতিনিধি হৈছো ৷ আমি সাৰ্বভৌমত্বক লৈ কথা পাতিব নোৱাৰেো ৷ এতিয়া মই পৰেশ বৰুৱাক ক'ব নোৱাৰো যে, আপুনি সাৰ্বভৌমত্বক এৰি আলোচনালৈ আহক ৷ তেওঁ গোটেই জীৱন এই বিষয়ক লৈয়ে চলি আছে ৷ এতিয়া মই কিয় তেওঁক সাৰ্বভৌমত্ব এৰক বুলি ক'ম ৷ আমিও সাৰ্বভৌমত্বক লৈ কথা পাতিব নোৱাৰো ৷ আমি দুয়োপক্ষই দুয়োপক্ষৰ বাধ্যবাধকতাক বুজিব লাগিব ৷ বুজাবুজিৰ ভিত্তিত আমি সমাধানৰ পথ উলিয়াব লাগিব, মধ্যম পন্থা উলিয়াব লাগিব ৷”

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীয়ে শেহতীয়া দিল্লী ভ্ৰমণত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে এই বিষয়ত বিস্তৃতভাৱে আলোচনা কৰা বুলি জানিব পৰা যায় ৷

শেহতীয়া বাতৰি