শনিবাৰে পুৱা আলফাৰ দুগৰাকী সদস্যক সংগঠনটোৱে মৃত্যুদণ্ড দিয়ে। চোৰাংচোৱাৰ অভিযোগৰ ভিত্তিত সঞ্জীৱ শৰ্মাক আৰু ধনজিৎ দাস ওৰফে ৰূপক অসমক মৃত্যুদণ্ড বিহিলে আলফা স্বাধীনে। আৰু এই ঘটনাই এতিয়া জোকাৰিছে সমগ্ৰ ৰাজ্যখনকে। আলফাই এনেদৰে দুজন অসমীয়া যুৱকক মৃত্যুদণ্ড দিয়াৰ কাৰ্যক সহজ ভাবে ল'ব পৰা নাই কোনেও।
ঘটনাৰ সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয় যে, "মুত্যুদণ্ড" শব্দটো কেৱল আদালত বা ন্যায়াধীশেহে ব্যৱহাৰ কৰিব পাৰে ৷ আলফাই যুৱক দুজনক হত্যা কৰিছে। মৃত্যুদণ্ড দিয়া নাই ৷ অসমীয়াই অসমীয়াক হত্যা কৰি অসমৰ স্বাৰ্থপূৰণ কৰিব নোৱাৰে ৷ মই আলোচনাৰ মাধ্যমলৈ আহিবলৈ অনুৰোধ জনাইছো ৷''
উল্লেখ্য যে, ধনজিত আৰু সঞ্জীৱে অসম আৰক্ষীৰ চোৰাংচোৱা হিচাপে কাম কৰাৰ অভিযোগ কৰিছিল আলফাই। আনকি অসম আৰক্ষীৰ নিৰ্দেশত আলফাত দুয়োজন যুৱকে যোগদান কৰিছিল বুলি দাবী কৰিছে নিষিদ্ধ ঘোষিত সংগঠনটোৱে। যোৱা ২৪ এপ্ৰিলত আলফাৰ শিবিৰৰ পৰা পলায়ন কৰিছিল ধনজিতে। কিন্তু ২৫ এপ্ৰিলত আলফাই পুনৰ কৰায়ত্ত কৰিবলৈ সক্ষম হয়।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|