News18 AssamNews18 Assam
|
News18-Assam Updated:March 16, 2020, 8:52 PM IST
আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ লেফটেনেণ্ট জেনেৰেল ৰূপত আত্মপ্ৰকাশ কৰিলে পৰেশ বৰুৱাই
আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ লেফটেনেণ্ট জেনেৰেল ৰূপত আত্মপ্ৰকাশ কৰিলে পৰেশ বৰুৱাই
সামৰিক সাজত সাধাৰণতে দেখা পোৱা নাযায় পৰেশ বৰুৱাক ৷ সম্পূৰ্ণ সামৰিক আদব-কায়দাত এইবাৰ পৰেশ বৰুৱা ৷ মানে আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ লেফটেনেণ্ট জেনেৰেল ৰূপত আত্মপ্ৰকাশ কৰিলে পৰেশ বৰুৱাই ৷ মেজৰ জেনেৰেল হিচাপে সামৰিক পোছাক পৰিধান কৰি ফ'টোৰ বাবে প'জ দিলে বৰুৱাই ৷ সামৰিক পোছাকত পৰেশ বৰুৱাৰ কান্ধত দেখা গ'ল ছ'লডাৰ বেজ (Paulette) ৷ এজন লেফটেনেণ্ট জেনেৰেল হিচাপে ছ'লডাৰ বেজ পৰিধান কৰা পৰেশ বৰুৱাৰ ফ'টো প্ৰথমবাৰৰ বাবে আজি দেখা গ'ল ৷
ইয়াৰ পূৰ্বে পৰেশ বৰুৱাক সামৰিক পোছাকত ছ'লডাৰ বেজ অবিহনেই দেখা গৈছিল ৷ আনকি মেজৰ জেনেৰেল পদবীলৈও বৰুৱাক সাধাৰণ সৈনিকৰ পোছাকতেই দেখা গৈছিল ৷
উল্লেখযোগ্য যে ১৬ মাৰ্চৰ দিনটোক আলফাই প্ৰতিবছৰে সৈনিক দিৱস হিচাপে পালন কৰি আহিছে ৷
এইবাৰো আলফা(স্বাধীন)য়ে ১৬ মাৰ্চৰ দিনটোত পালন কৰে সৈনিক দিৱস হিচাপে ৷ এই সৈনিক দিৱস উপলক্ষে সংগঠনৰ সভাপতি তথা সৰ্বাধিনায়ক পদৰ ডাঃ অভিজিৎ অসম, উপ-সভাপতি তথা মুখ্য সেনাধ্যক্ষৰ পৰা লেফটেনেণ্ট জেনেৰেল পদ, সংগঠনৰ প্ৰয়াত নেতা-কেডাৰ সকললৈ শ্ৰদ্ধা জনায় ৷ লগতে সংগঠনৰ লক্ষ্য-সাৰ্বভৌম, স্বাধীন অসম নোপোৱা পৰ্যন্ত সশস্ত্ৰ সংগ্ৰাম চলি যাব বুলি ঘোষণা কৰে ৷