‘গণতান্ত্ৰিক ভাবে আন্দোলন কৰা সকলক দমন কৰিলে পৰিস্থিতি ভয়ানক হ’ব’

Source-Google
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা অখিল গগৈক মাওবাদীৰে সম্পৰ্ক ৰক্ষা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰাত ক্ষোভ প্ৰকাশ কৰে পৰেশ বৰুৱাই
- News18 Assam
- Last Updated: December 16, 2019, 4:29 PM IST
পৰেশ বৰুৱাই কয় যে, ‘CAAৰ বিৰুদ্ধে আন্দোলন কৰা সকলক দমন কৰিবলৈ বিচৰাতো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এটা ভুল সিদ্ধান্ত ৷ আন্দোলনকাৰী ছয় জনক গুলীয়াই মাৰিলে আৰক্ষীয়ে ৷ কথাবোৰ ভালকৈ এবাৰ মুখ্যমন্ত্ৰীয়ে ভাবক ৷ দ্বিতীয়বাৰ যাতে আৰু ভুল নকৰে মুখ্যমন্ত্ৰীয়ে ৷
বৰুৱাই NEWS18ক টেলিফোন কৰি কয় যে,‘গণতান্ত্ৰীকভাৱে আন্দোলন কৰা ৰাইজৰ ওপৰত অত্যাচাৰ কোনোৱে ক্ষমা নকৰে ৷ যদি দ্বিতীয়বাৰ মুখ্যমন্ত্ৰীয়ে ভুল কৰে তেন্তে ৰাইজে ক্ষমা নকৰিব ৷ এইবাৰ ভুল কৰিলে পৰিস্থিতি অধিক ভয়াৱহ হ'ব ৷’