মুখ্যপৃষ্ঠা »খবৰ »অসম »‘ছদ্মবেশী জাতীয়তাবাদী গুপ্তঘাতক প্ৰফুল্ল মহন্তক ৰাইজে বিশ্বাসত নল'ব’–পৰেশ বৰুৱা

‘ছদ্মবেশী জাতীয়তাবাদী গুপ্তঘাতক প্ৰফুল্ল মহন্তক ৰাইজে বিশ্বাসত নল'ব’–পৰেশ বৰুৱা

‘১৯৯৭ত আলফাই প্ৰফুল্ল মহন্তৰ কনভয়ত আক্ৰমণ কৰা নাছিল ৷ আক্ৰমণৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল মহন্তই নিজে ৷’

‘১৯৯৭ত আলফাই প্ৰফুল্ল মহন্তৰ কনভয়ত আক্ৰমণ কৰা নাছিল ৷ আক্ৰমণৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল মহন্তই নিজে ৷’

  • Share this:
প্ৰফুল্ল কুমাৰ মহন্তক কঠোৰ সমালোচনা কৰিছে পৰেশ বৰুৱাই ৷ “গুপ্তঘাতক প্ৰফুল্ল মহন্তক ৰাইজে বিশ্বাসত নল'ব ৷ গুপ্তহত্যাৰ প্ৰায়শ্চিত্ত কৰিবলৈ CAAৰ বিৰুদ্ধে আন্দোলন কৰিছে ৷ মহন্ত সৰ্বকালৰ জঘন্য ঘাটক” - NEWS18লৈ টেলিফোন কৰি পৰেশ বৰুৱাই এনেদৰেই প্ৰফুল্ল কুমাৰ মহন্তক আক্ৰমণ কৰিলে ৷

পৰেশ বৰুৱাই পুনৰ ক'লে- “ছদ্মবেশী জাতীয়তাবাদী তথাকথিত নেতা মহন্ত ৷ হিতেশ্বৰ শইকীয়াই ৮৫৫জনক মাৰিছিল অসম আন্দোলনত আৰু পাঁচজনক গুপ্তহত্যাৰে হত্যা কৰিছিল ৷ কিন্ত মহন্তই হাজাৰ হাজাৰ জন পাহুৱাল অসমীয়াক হত্যা কৰিলে ৷ অসমীয়া মানুহে কেতিয়াও গুপ্তঘাতক মহন্তক প্ৰশ্ৰয় নিদিয়ে ৷ সৰ্বোচ্চ অসমীয়াক হত্যা কৰা মহন্তৰ পৰা সাৱধান ৰাইজ ৷”

আলফা (স্বাধীন)ৰ সেনাপ্ৰধান পৰেশ বৰুৱাই প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তক কঠোৰ ভাষাৰে সমালোচনা কৰি কয়- “গুপ্তহত্যাৰ কলংকৰ পৰা কেনেকৈ ৰেহাই পাব মহন্তই ? তেওঁ মুখ্যমন্ত্ৰী হৈ থাকোতেই হৈছিল গুপ্তহত্যা ৷ গৃহমন্ত্ৰীৰ দায়িত্বতো আছিল মহন্ত ৷ BJPক অসমলৈ তেৱেই আনিছিল ৷ গুপ্তহত্যাত সাংবাদিকো আছিল জড়িত ৷”

“১৯৯৭ত আলফাই প্ৰফুল্ল মহন্তৰ কনভয়ত আক্ৰমণ কৰা নাছিল ৷ আক্ৰমণৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল মহন্তই নিজে ৷ দিল্লীত এই ব্লুপ্ৰিণ্ট ৰচনাত আছিল শ্ৰীবাস্তৱ আৰু মুন্না মিশ্ৰ”, এনেদৰেই দাবী কৰে পৰেশ বৰুৱাই ৷

শেহতীয়া বাতৰি