অসমৰ ৰাইজৰ আহ্বানৰ প্ৰতি সন্মান! আলফাই স্থগিত ৰাখিলে কুইপৰ দুই অপহৃত বিষয়াৰ চৰম শাস্তিৰ সিদ্ধান্ত

পৰেশ বৰুৱাই জনোৱা মতে,চৰম সীমাৰ অৰ্থ আৰু তেওঁৰ ভাষ্য সংবাদ মাধ্যমত ভুল ব্যাখ্যা হৈছে।
পৰেশ বৰুৱাই জনোৱা মতে,চৰম সীমাৰ অৰ্থ আৰু তেওঁৰ ভাষ্য সংবাদ মাধ্যমত ভুল ব্যাখ্যা হৈছে।
- News18 Assam
- Last Updated: February 21, 2021, 8:21 PM IST
গুৱাহাটী প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদকলৈ ফোন যোগে সদৰী কৰিছে এই কথা।
কুইপ' দুই বিষয়াৰ ক্ষেত্ৰত চৰম সিদ্ধান্ত স্থগিত ৰখা হৈছে। পৰেশ বৰুৱাই জনোৱা মতে,চৰম শাস্তিৰ অৰ্থ আৰু তেওঁৰ ভাষ্য সংবাদ মাধ্যমত ভুল ব্যাখ্যা হৈছে।
আলফাই চৰম শাস্তি ঘোষণাৰ পিছতে অপহৃত দুয়োগৰাকী বিষয়াৰ পৰিয়ালৰ অৱস্থা পানীত হাঁহ নচৰা হয়। কান্দি কান্দি আলফাক সিদ্ধান্ত সলনি কৰিবলৈ হাতযোৰ কৰি অনুৰোধ জনাই দুয়োটা পৰিয়ালে। আৰু অৱশেষত বিষয়া দুগৰাকীৰ পৰিয়াল, অসমৰ ৰাইজৰ পৰামৰ্শ, বুদ্ধিজীৱি, সংবাদ মাধ্যম, অনুপ চেতিয়াৰ সংগঠনৰ আহ্বানৰ প্ৰতি সন্মান জানই আলফা স্থগিত ৰাখিলে কুইপৰ দুই অপহৃত বিষয়াৰ চৰম শাস্তিৰ সিদ্ধান্ত।