এয়া অপপ্ৰচাৰহে, ব’হাগ বিহুৰ সময়ত আলোচনা অসম্ভৱঃ পৰেশ বৰুৱা, কিন্তু...!

News18 Assam | News18-Assam
Updated:January 29, 2020, 2:47 PM IST
এয়া অপপ্ৰচাৰহে, ব’হাগ বিহুৰ সময়ত আলোচনা অসম্ভৱঃ পৰেশ বৰুৱা, কিন্তু...!
News18ক ফোন যোগে কি ক’লে পৰেশ বৰুৱাই?

News18ক ফোন যোগে কি ক’লে পৰেশ বৰুৱাই?

  • Share this:
সঁচাকৈ আলোচনাৰ বাবে আহিব নেকি পৰেশ বৰুৱা? মঙলবাৰৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলফা স্বাধীন আলোচনাত বহিব বুলি চৰ্চা চলি থকাৰ সময়তে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ News18ৰসৈতে ফোন!

ব’হাগ বিহুৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলফা স্বাধীনৰ কোনো আলোচনা অসম্ভৱ বুলি মন্তব্য কৰি পৰেশ বৰুৱাই কয় যে, ‘ ব'হাগ বিহুৰ সময়ত আলফা কোনোধৰণৰ আলোচনাৰ মেজলৈ নাহে। এয়া অসম্ভৱ কথা। ULFA-Iক লৈ এইবোৰ অপপ্ৰচাৰ চলাইছে।
এইবোৰ অপপ্ৰচাৰত কোনো ভুল নাযাব। আমাৰ ছিংগল পইণ্ট এজেণ্ডা মানিলেহে সম্ভৱ আলোচনা। সাৰ্বভৌম স্বাধীন অসম আমাৰ মূল এজেণ্ডা।’

উল্লেখযোগ্য যে,  ৪১বছৰজোৰা সংগ্ৰামৰ অন্তত কেন্দ্ৰৰ সৈতে বহিবলৈ  পৰেশ বৰুৱা আহি আছে বুলি চৰ্চা চলিছিল।  আলোচনামৰ্মে এক শান্তি চুক্তি স্বাক্ষৰ কৰিবলৈ আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই বিহুৰ আগে পিছে ‘অভাৰগ্ৰাউণ্ড’ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছিল ৰাষ্ট্ৰীয় সংবাদমাধ্যম ‘আউটলুক ইণ্ডিয়াই’।
আৰু চাওক
পৰৱৰ্তী বাতৰি