নতুন বছৰৰ প্ৰথমদিনাই গুৱাহাটীত গ্ৰেপ্তাৰ হ’ল আলফা স্বাধীনৰ সদস্য

News18 Assam | News18-Assam
Updated:January 1, 2020, 3:51 PM IST
নতুন বছৰৰ প্ৰথমদিনাই গুৱাহাটীত গ্ৰেপ্তাৰ হ’ল আলফা স্বাধীনৰ সদস্য
২৮ ডিচেম্বৰৰ পৰা গুৱাহাটীত আত্মগোপন কৰি আছিল ধৃত সদস্যজনে

২৮ ডিচেম্বৰৰ পৰা গুৱাহাটীত আত্মগোপন কৰি আছিল ধৃত সদস্যজনে

  • Share this:
নৱবৰ্ষৰ প্ৰথম দিনটোতে গুৱাহাটীত গ্ৰেপ্তাৰ হল আলফা স্বাধীনৰ সদস্য বিতোপন সোণোৱাল। দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আলফা (স্বা)ৰ সদস্যজনক। ধৃত আলফা সদস্য বিতোপন সোণোৱালে ২৮ ডিচেম্বৰৰ পৰা গুৱাহাটীৰ পাঞ্জাবাৰীত আত্মগোপন কৰি আছিল ৷ এতিয়া আৰক্ষীৰ জেৰাত কি পৰিকল্পনাৰে গুৱাহাটীত আত্মগোপন কৰি আছিল আলফা সদস্যজনে, সেই কথা পোহৰলৈ আহিব বুলি আশা কৰিছে আৰক্ষীয়ে।
আৰু চাওক
পৰৱৰ্তী বাতৰি