উল্লেখ্য যে, ৰাজ্য চৰকাৰে শেহতীয়াকৈ আলফা স্বাধীনৰ সৈতে বুজাবুজিৰ মাধ্যমেৰে সমস্যা সমাধানৰ দিশে অগ্ৰসৰ হৈছে। আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাইয়ো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদক্ষেপক আদৰণি জনাইছে।
সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে, 'আলফাৰে আলোচনা প্ৰক্ৰিয়াটো লাহে লাহে আগবঢ়াতো মই বিচাৰো ৷ বিষয়টো কঠিন ৷ জোৰকৈ আগবাঢ়িলে ক'ৰবাত ভুল হৈ যাব পাৰে ৷ তেনেকৈ হ'লে দুয়ো পক্ষৰ মাজত ভুল বুজাবুজি হ'ব পাৰে আৰু একো নহ'বগৈ ৷ মই মুখ্যমন্ত্ৰীহে ৷ মই অসমৰ ৰজা নহয় ৷ ৰাইজৰ লগতো আলোচনা কৰিব লাগিব ৷ বিধানসভাতো আলোচনা কৰিব লাগিব ৷ সৰ্বদলীয় বৈঠক পাতিব লাগিব ৷ মোৰ ওপৰতো আছে মানুহ ৷ পৰেশ বৰুৱায়েও কথাবোৰ বুজি পায় ৷'
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, 'আলফাৰ দাবীটো জটিল ৷ ভালকৈ আগবাঢ়িব লাগিব ৷ আলফাৰ দীঘলীয়া সংগ্ৰামত দুয়োপক্ষৰে ক্ষতি হৈছে ৷ বহু নিহত হৈছে ৷ পৰেশ বৰুৱাই যুদ্ধবিৰতি কৰিছে ৷ ১৫ আগষ্টত অসম বন্ধ দিয়া নাই ৷ আমিও আলফাৰ বিৰুদ্ধে বিশেষ অভিযান চলোৱা নাই। মই সংবাদ মাধ্যমৰ জৰিয়তে পৰেশ বৰুৱাক আহ্বান জনাম যে ২৬ জানুৱাৰীতো যাতে অসম বন্ধ নিদিয়ে ৷