• Home
  • »
  • News
  • »
  • assam
  • »
  • আলফা(স্বাঃ)লৈ ৰাজ্যৰ যুৱক-যুৱতীৰ গমন অব্যাহত ! এইবাৰ আলফা(স্বাঃ)লৈ BTRৰ ৩ যুৱক ...

আলফা(স্বাঃ)লৈ ৰাজ্যৰ যুৱক-যুৱতীৰ গমন অব্যাহত ! এইবাৰ আলফা(স্বাঃ)লৈ BTRৰ ৩ যুৱক ...

File Photo

File Photo

আলফা (স্বাঃ)লৈ ৰাজ্যৰ যুৱক-যুৱতীৰ গমন অব্যাহত আছে। এইবাৰ আলফা (স্বাধীন )ত যোগদান বিটিআৰৰ তিনি যুৱক । ইয়াৰ পিছতে সমগ্ৰ বিটিআৰত তীব্র চাঞ্চল্যৰ সৃষ্টি হয় ।

  • Share this:
আলফা (স্বাঃ)লৈ ৰাজ্যৰ যুৱক-যুৱতীৰ গমন অব্যাহত আছে। এইবাৰ আলফা (স্বাধীন )ত যোগদান বিটিআৰৰ তিনি যুৱক । ইয়াৰ পিছতে সমগ্ৰ বিটিআৰত তীব্র চাঞ্চল্যৰ সৃষ্টি হয় ।

বাক্সা মছলপুৰৰ সৌৰভ ৰাজবংশী , ওদালগুৰিৰ পানেৰীৰ হিমাংশু ভৃঞা ওদালগুৰি জিলাৰ সীমামূৰীয়া বাহমোল্লাৰ জাকাৰিয়া হুছেইন এই তিনিওজনে আলফাত যোগদান কৰিছে।ওদালগুৰি জিলাৰ পানেৰী হিমাংশু আছিল মেধাসমন্ন ছাত্ৰ ।২৪ এপ্ৰিলত এচাই পৰীক্ষা দিবৰ বাবে মঙ্গলদৈ কমাৰ্চ কলেজলৈ গৈছিল। তাৰ পৰাই ১২ বজাত মাকলৈ শেষ ফোন কৰি পেহীৰ ঘৰত যাব বুলি কৈছিল তাৰ পিছৰ পৰাই হিমাংশুৰ মোবাইল বন্ধ । তিনিদিন বিচাৰ খোচাৰ কৰি কোনো খবৰ নাপায় পানেৰী আৰক্ষী থানাত নিৰুদ্দেশ হোৱা বুলি পিতৃ সতীশ ভূঞাই এজাহাৰ দাখিল কৰে ৷ পানেৰীৰ ডাক বিভাগৰ কৰ্মচাৰী সতীশ ভূঞা আৰু ৰীতা ৰানী ভূঞাৰ বৰপুত্ৰ হিমাংশু আলফা (স্বাধীনত) যোগ দান কৰা খবৰত মৰ্মাহত হৈ পৰিছে পিতৃমাতৃ ।
Published by:Kokil Sarma
First published: