৭৬ সংখ্যাক স্বাধীনতা দিৱস পালনৰ দিনটোতে নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা স্বাধীন আৰু NSCN-Kয়ে চলালে আছাম ৰাইফলচৰ কেম্পত ভয়ংকৰ আক্ৰমণ ৷ নাগালেণ্ডৰ মন জিলাৰ ন্যাছাত থকা আছাম ৰাইফলছৰ কেম্পত চলোৱা আক্ৰমণত দুজন জোৱান গুৰুতৰভাৱে আহত হয় ৷
দেওবাৰৰ পুৱতি নিশা আন্ধাৰত নাগালেণ্ডৰ মন জিলাৰ ন্যাছত চলালে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীন আৰু য়ুং আং নেতৃত্বাধীন NSCN-Kৰ এটা যুটীয়া গোটে আক্ৰমণ ৷ পুৱতি নিশা প্ৰায় তিনি বজাত আলফা স্বাধীন আৰু NSCN-Kৰ যুটীয়া গোটে গ্ৰেণেড আৰু আৰ পি জিৰে চলোৱা আক্ৰমণৰ লগতে চলাই ধাৰাসাৰ গুলী ৷ নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন দুটাৰ যুটীয়া আক্ৰমণত ১৯ নং আছাম ৰাইফলছৰ দুজন জোৱান আহত হোৱাৰ কথা সদৰি কৰিছে সেনা বাহিনীয়ে ৷ আহত জোৱান দুজনক যোৰহাটৰ বায়ু সেনা বাহিনীৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে বুলি সদৰি কৰিছে সেনাই ৷
ন্যাছাৰ আছাম ৰাইফলছৰ কেম্পত আক্ৰমণ চলোৱা বিদ্ৰোহীৰ গোটটোৰ বিৰুদ্ধে সেনা বাহিনীয়ে অভিযান আৰম্ভ কৰিছে যদিও কোনো ফলাফল এই পৰ্যন্ত লাভ কৰা নাই ৷
উল্লেখ যোগ্য যে বিগত ৯ আগষ্টৰ পুৱতি নিশা আলফা স্বাধীন আৰু NSCN-Kৰ তিনিটা যুটীয়া গোটে সেনাৰ তিনিটা স্থানত থকা তিনিটা কেম্পত একেটা সময়তে আক্ৰমণ কৰিছিল ৷ অৰুণাচল প্ৰদেশৰ ম্যানমাৰৰ সীমান্তৰ পাংছু পাছ, নাগালেণ্ডৰ ম্যানমাৰ সীমান্তৰ ছাৰামতি আৰু নকনৌত থকা সেনাৰ শিৱিৰত চলাইছিল আলফা স্বাধীন আৰু NSCN-Kৰ যুটীয়া গোটে আক্ৰমণ ৷ সেইদিনাৰ আক্ৰমণত বহুকেইজন জোৱান হতাহত হোৱাৰ খবৰ পোহৰলৈ আহিছিল ।
Published by: Kokil Sarma
FIRST PUBLISHED : August 15, 2022, 14:57 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।