ইউক্ৰেইনত অধ্যয়নৰত নাজিৰাৰ এগৰাকী মেধাবী ছাত্ৰী নিৰাপদে উপস্থিত হৈছেহি দিল্লী বিমানবন্দৰত ৷ ফাৰমিন নাচৰিন চুলতানা নামৰ ছাত্ৰীগৰাকীকক ভাৰত চৰকাৰে ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু প্ৰাপ্ত তথ্য মতে ছাত্ৰী গৰাকী নতুন দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দত আহি সুকলমে উপস্থিত হৈছেহি ৷
ইতিমধ্যে ছাত্ৰীগৰাকী দিল্লী বিমান বন্দৰৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হৈছে৷ ইউক্ৰেইনৰ উজৱৰ্ড (UZHHOROD) বিশ্ববিদ্যালয়ৰ চিকিৎসা বিজ্ঞান বিভাগৰ ছাত্ৰী আছিল ৷ ইউক্ৰেইন আৰু ৰাচিয়াৰ যুদ্ধ আৰম্ভ হোৱাৰ পৰাই চিন্তিত হৈ পৰিছিল ফাৰমিন নাচৰিন চুলতানাৰ পৰিয়াল ৷ শেহতীয়াকৈ ছাত্ৰীগৰাকীক ভাৰত চৰকাৰৰ বায়ু সেনাই উদ্ধাৰ কৰাৰ পিছত ছাত্ৰীগৰাকীলৈ অপেক্ষা কৰি আছে পিতৃ-মাতৃ তথা পৰিয়ালৰ লোক ৷
বৃহস্পতিবাৰে পুৱা নাজিৰাৰ গৃহত উপস্থিত হ'বহি ছাত্ৰী গৰাকী ৷ ছাত্ৰী গৰাকীক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে লোৱা পদক্ষেপক আদৰণি জনাইছে পিতৃ মাতৃ তথা পৰিয়ালৰ লোকে ৷ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জনাইছে ৷