ভাৰ্গৱীসহ একাংশ ভাৰতীয় শিক্ষাৰ্থীয়ে ২৮ ফেব্ৰুৱাৰীত যুদ্ধভূমি ইউক্ৰেইনৰ পৰা অতি কষ্টৰে সীমান্ত পাৰ হৈ ৰোমানিয়াত উপস্থিত হৈছিল।
ভাৰ্গৱীসহ একাংশ ভাৰতীয় শিক্ষাৰ্থীয়ে ২৮ ফেব্ৰুৱাৰীত যুদ্ধভূমি ইউক্ৰেইনৰ পৰা অতি কষ্টৰে সীমান্ত পাৰ হৈ ৰোমানিয়াত উপস্থিত হৈছিল।
শনিবাৰে নিজ গৃহ পালেহি ইউক্ৰেইনত অধ্যয়নৰত ৰহাৰ ছাত্ৰী ভাৰ্গৱী গগৈ। ইউক্ৰেইনৰ চিকিৎসা বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ অধ্যয়ন কৰা ৰহাৰ গড়মাৰীৰ ভাৰ্গৱীয়ে শুকুৰবাৰে দিল্লীত সুকলমে উপস্থিত হোৱাৰ পিছত নিশাই গুৱাহাটী অভিমুখে যাত্ৰা কৰে। আৰু শনিবাৰে নিজ গৃহত উপস্থিত হয়হি ছাত্ৰীগৰাকী।
ঘৰত উপস্থিত হোৱাৰ পিছতে ভাৰ্গৱীয়ে বৰ্ণনা কৰিছে যুদ্ধ বিধ্বস্থ ইউক্ৰেইন পৰা নিজ দেশত উপস্থিত হোৱাৰ তিক্ত অভিজ্ঞতা। কিদৰে বাংকাৰত দুুুদিন ধৰি আবদ্ধ হৈ আছিল তেওঁলোক।চাইৰেণ বাজিলেই সোমাইছিল বাংকাৰত।
উল্লেখযোগ্য যে, ভাৰ্গৱীসহ একাংশ ভাৰতীয় শিক্ষাৰ্থীয়ে ২৮ ফেব্ৰুৱাৰীত যুদ্ধভূমি ইউক্ৰেইনৰ পৰা অতি কষ্টৰে সীমান্ত পাৰ হৈ ৰোমানিয়াত উপস্থিত হৈছিল। ইপিনে ইউক্ৰেইনৰ পৰা ৰোমানিয়াত উপস্থিত হোৱাৰ পিছত ৰোমানিয়া চৰকাৰৰ তৎপৰতাৰ শলাগ লয় ভাৰ্গৱীয়ে।
লগতে ভাৰত চৰকাৰকো কৃতজ্ঞতা জ্ঞাপন কৰে ৰহাৰ ছাত্ৰীগৰাকীয়ে।আনহাতে
বৰ্তমানেও ইউক্ৰেইনত আবদ্ধ হৈ থকা ভাৰতীয় সকলক ভাৰতলৈ ঘূূৰাই আনবলৈ চৰকাৰক আহ্বান জনালে ছাত্ৰী গৰাকীয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|