কলিকতাত নিৰ্মাণ কৰা অষ্টধাতু মূৰ্তিৰে উগ্ৰতাৰা দেৱালয়ত মূল বিগ্ৰহ প্ৰতিষ্ঠা, ২ মে’ৰ মন্দিৰ প্ৰাংগনত দুদিনীয়া বিশেষ কাৰ্যসূচী

২ মে'ত উগ্ৰতাৰা দেৱালয়ত প্ৰতিষ্ঠা কৰা হব নতুন বিগ্ৰহ। পূৰ্বৰ বিগ্ৰহৰ দৰেই অষ্টধাতুৰে একে ৰূপত কলিকতাত নিমাৰ্ণ কৰা হৈছে বিগ্ৰহটো। বিখ্যাত শিল্পী ৰবিন বাৰে  নিমাৰ্ণ কৰি উলিয়াইছে নতুন বিগ্ৰহটো।

news18assam
Updated:April 22, 2019, 7:06 AM IST
কলিকতাত নিৰ্মাণ কৰা অষ্টধাতু মূৰ্তিৰে উগ্ৰতাৰা দেৱালয়ত মূল বিগ্ৰহ প্ৰতিষ্ঠা, ২ মে’ৰ মন্দিৰ প্ৰাংগনত দুদিনীয়া বিশেষ কাৰ্যসূচী
২ মে'ত উগ্ৰতাৰা দেৱালয়ত প্ৰতিষ্ঠা কৰা হব নতুন বিগ্ৰহ। পূৰ্বৰ বিগ্ৰহৰ দৰেই অষ্টধাতুৰে একে ৰূপত কলিকতাত নিমাৰ্ণ কৰা হৈছে বিগ্ৰহটো। বিখ্যাত শিল্পী ৰবিন বাৰে  নিমাৰ্ণ কৰি উলিয়াইছে নতুন বিগ্ৰহটো।
news18assam
Updated: April 22, 2019, 7:06 AM IST

২ মে'ত উগ্ৰতাৰা দেৱালয়ত প্ৰতিষ্ঠা কৰা হব নতুন বিগ্ৰহ। পূৰ্বৰ বিগ্ৰহৰ দৰেই অষ্টধাতুৰে একে ৰূপত কলিকতাত নিমাৰ্ণ কৰা হৈছে বিগ্ৰহটো। বিখ্যাত শিল্পী ৰবিন বাৰে  নিমাৰ্ণ কৰি উলিয়াইছে বিগ্ৰহটো। উল্লেখযোগ্য যে ৬ মাহত ভৰি দিলে উগ্ৰতাৰা দেৱালয়ত সংঘটিত বিগ্ৰহৰ চুৰিকাণ্ডৰ ঘটনাই ৷ এই ৬মাহত বিগ্ৰহৰ সন্ধান উলিওৱাত ব্যৰ্থ হ’ল মহানগৰ আৰক্ষী।  আগৰ বিগ্ৰহ ঘুৰাই পোৱাৰ আশা নোহোৱা পৰাৰ বাবে উগ্ৰতাৰা দেৱালয়ৰ পৰিচালনা সমিতিয়ে নতুন বিগ্ৰহৰ প্ৰতিষ্ঠাৰ বাবে সাজু হৈ উঠিছে। যোৱা বছৰৰ ১৫ নৱেম্বৰত চুৰি হৈছিল উগ্ৰতাৰা দেৱালয়ৰ মূল বিগ্ৰহ ৷ তেতিয়াৰে পৰা উকা হৈ আছে মন্দিৰৰ আসন ৷ বহু ভক্তই মূল বিগ্ৰহ দান কৰাৰ বাবে দেৱালয়ৰ পৰিচালনা সমিতিৰে যোগাযোগ কৰিছিল যদিও ব্যক্তিগত ভাবে দিয়া বিগ্ৰহ প্ৰতিষ্ঠা কৰিবলৈ  সন্মত দিয়া নাছিল পৰিচালনা সমিতিয়ে ৷ যাৰ বাবে পৰিচালনা সমিতিৰ সৰ্বসন্মতিক্ৰমে ভক্তৰ দান বৰঙনিৰে নিমাৰ্ণ কৰি উলিওৱা হৈছে নতুন বিগ্ৰহটো৷ ২৮এপ্ৰিলত অসম আহি পাব নতুন  বিগ্ৰহটো ৷ ২মে'ৰ পৰা দুদিনীয়াকৈ মন্দিৰ প্ৰাংগনত আয়োজন কৰা হৈছে  বিগ্ৰহ প্ৰতিষ্ঠা আৰু উগ্ৰতাৰা মহোৎসৱ ৷ সম্পুৰ্ণ ৬টা মাহৰ পিছত পুনৰ যেন প্ৰাণ পাই উঠিব উগ্ৰতাৰা দেৱালয়ে ৷যাৰ বাবে এতিয়া উৎফুল্লিত হৈ পৰিছে উগ্ৰতাৰা দেৱালয়লৈ অহা প্ৰতিজন ভক্তপ্ৰাণ ব্যক্তি ৷​

আৰু চাওক পৰৱৰ্তী বাতৰি