উগ্ৰতাৰা দেৱালয়ৰ বিগ্ৰহ চুৰিকাণ্ড কেনেদৰে সংঘটিত কৰিছিল?

১৬ নৱেম্বৰৰ নিশা ১.৩০ বজাত বাইকেৰে আহি প্ৰৱেশ কৰিছিল মন্দিৰ চৌহদত। ৰডেৰে মন্দিৰৰ তলা ভাঙি আধা ঘণ্টাৰ ভিতৰত বিগ্ৰহ লৈ উধাও হৈছিল চোৰৰ দলটো।

news18assam
Updated:May 2, 2019, 10:16 AM IST
উগ্ৰতাৰা দেৱালয়ৰ বিগ্ৰহ চুৰিকাণ্ড কেনেদৰে সংঘটিত কৰিছিল?
১৬ নৱেম্বৰৰ নিশা ১.৩০ বজাত বাইকেৰে আহি প্ৰৱেশ কৰিছিল মন্দিৰ চৌহদত। ৰডেৰে মন্দিৰৰ তলা ভাঙি আধা ঘণ্টাৰ ভিতৰত বিগ্ৰহ লৈ উধাও হৈছিল চোৰৰ দলটো।
news18assam
Updated: May 2, 2019, 10:16 AM IST
উগ্ৰতাৰা দেৱালয়ৰ বিগ্ৰহ চুৰি ঘটনাৰ লগত জড়িত ৬টা চোৰক গ্ৰেপ্তাৰ। নিশাই গোলাঘাটৰ পৰা ৪টাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বাক্সা আৰু বৰমাৰ পৰা গ্ৰেপ্তাৰ ২টাক। আজিজুৰ আলী, আদিল আলী আৰু চামচুল আলী চুৰিকাৰ্যত জড়িত আছিল। ১৬ নৱেম্বৰৰ নিশা ১.৩০ বজাত বাইকেৰে আহি প্ৰৱেশ কৰিছিল মন্দিৰ চৌহদত। ৰডেৰে মন্দিৰৰ তলা ভাঙি আধা ঘণ্টাৰ ভিতৰত বিগ্ৰহ লৈ উধাও। পুৱা গুৱাহাটীৰ পৰা বৰমালৈ লৈ গৈছিল বিগ্ৰহটো। আজিজুৰ আলীৰ গৃহলৈ প্ৰথমে নিয়া হৈছিল বিগ্ৰহটো। প্ৰায় ১৫ দিন ৰাখিছিল চোৰ কৰা বিগ্ৰহটো। পুনৰ আদিল আলীৰ গৃহলৈ গৈ গৈছিল বিগ্ৰহটো। পুখুৰীত পেলাই ৰাখিছিল বিগ্ৰহটো। বিগ্ৰহৰ ৬ টা অংশ কাটিছিল গলাবলৈ চেষ্টা কৰিছিল। বিগ্ৰহ কটা কাৰ্যত জড়িত শ্বান হুছেইন, ৰাহুল আলী, মিণ্টু ৰায় আৰু ৰেচমা বেগম। ৰেচমা বেগমৰ গৃহত উদ্ধাৰ বিগ্ৰহৰ ৩টা অংশ। উদ্ধাৰ কৰিবলৈ বাকী আছে আন ৩টা অংশ। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰ আদিল আলীৰ এই স্বীকাৰোক্তি। বৰ্তমানেও আটক হোৱা নাই মূল অভিযুক্ত আজিজুৰ আলী। ধৃত চোৰকেইটাক বৰ্তমানেও চলাই আছে জেৰা।
আৰু চাওক পৰৱৰ্তী বাতৰি