• Home
  • »
  • News
  • »
  • assam
  • »
  • পদ্মশ্ৰী উদ্ধাৱ কুমাৰ ভৰালীৰ আত্মসমৰ্পণ, ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

পদ্মশ্ৰী উদ্ধাৱ কুমাৰ ভৰালীৰ আত্মসমৰ্পণ, ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

জিলা বিশেষ দণ্ডাধীশৰ ওচৰত আত্মসমৰ্পণ কৰিলে ভৰালীয়ে ৷

জিলা বিশেষ দণ্ডাধীশৰ ওচৰত আত্মসমৰ্পণ কৰিলে ভৰালীয়ে ৷

জিলা বিশেষ দণ্ডাধীশৰ ওচৰত আত্মসমৰ্পণ কৰিলে ভৰালীয়ে ৷

  • Share this:
পদ্মশ্ৰী উদ্ধাৱ কুমাৰ ভৰালীৰ আত্মসমৰ্পণ। জিলা বিশেষ দণ্ডাধীশৰ ওচৰত আত্মসমৰ্পণ কৰিলে ভৰালীয়ে।ইয়াৰ পিছতে ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে পদ্মশ্ৰী উদ্ধৱ কুমাৰ ভৰালীক।

বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে বিশিষ্ট উদ্ভাৱকগৰাকীৰ জামিন আবেদন খাৰিজ কৰাৰ পিছতে জেল যাত্ৰা প্ৰশস্ত হৈ পৰিছিল। ভুক্তভোগী কিশোৰী গৰাকীৰ 'audio-visual statement' লৈছিল লখিমপুৰ জিলা আইনসেৱা প্ৰাধিকাৰীয়ে ৷ আৰু সেই 'statement' চোৱাৰ পিছতে জিলা মুখ্য ন্যায়ধীশে আৰক্ষীক দিছিল পদ্মশ্ৰী ড° উদ্ধৱ কুমাৰ ভৰালীৰ গ্ৰেপ্তাৰৰ নিৰ্দেশ ৷

পূৰ্বতে উচ্চ ন্যায়ালয়ে অন্তৰ্ৱৰ্তীকালিন জামিন মঞ্জুৰ কৰিছিল উদ্ধৱ ভৰালীৰ। সেই জামিনৰ ম্যাদ শেষ হোৱাৰ পিছত পুনৰ আৱেদন কৰিছিল জামিনৰ বাবে। কিন্তু  কিশোৰীগৰাৰীৰ ভাষ্য শুনাৰ পিছতে আদালতে নাকচ কৰে বিশিষ্ট উদ্ভাৱকগৰাকীৰ জামিন আবেদন।

উল্লেখ্য যে, ভৰালী বিৰুদ্ধে এগৰাকী তুলি লোৱা ১৩ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতনৰ চলোৱাৰ অভিযোগত গোচৰ ৰুজু হৈছিল। জামিন আবেদন নাকচ হোৱাত আৰু কিছুসময়ৰ পিছতে লখিমপুৰ জিলা মুখ্য ন্যায়ধীশৰ ওচৰত আত্মসমৰ্পণ কৰিব উদ্ধৱ কুমাৰ ভৰালীয়ে৷
Published by:Himangshu Bhuyan
First published: