• Home
  • »
  • News
  • »
  • assam
  • »
  • ভাল খবৰ, শীঘ্ৰে উত্তৰ–পূবৰ বিমানবন্দৰসমূহৰ পৰা আৰম্ভ হ’ব বিমানসেৱা

ভাল খবৰ, শীঘ্ৰে উত্তৰ–পূবৰ বিমানবন্দৰসমূহৰ পৰা আৰম্ভ হ’ব বিমানসেৱা

ৰূপচীৰ লগতে উত্তৰ–পূৰ্বাঞ্চলৰ আন তিনিটা বিমানবন্দৰ পুনৰ নিৰ্মাণৰ কাম উৰান-৩ আঁচনিৰ অধীনত ইতিমধ্যে সমাপ্ত হৈছে।

ৰূপচীৰ লগতে উত্তৰ–পূৰ্বাঞ্চলৰ আন তিনিটা বিমানবন্দৰ পুনৰ নিৰ্মাণৰ কাম উৰান-৩ আঁচনিৰ অধীনত ইতিমধ্যে সমাপ্ত হৈছে।

ৰূপচীৰ লগতে উত্তৰ–পূৰ্বাঞ্চলৰ আন তিনিটা বিমানবন্দৰ পুনৰ নিৰ্মাণৰ কাম উৰান-৩ আঁচনিৰ অধীনত ইতিমধ্যে সমাপ্ত হৈছে।

  • Share this:
দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত উত্তৰ–পূৰ্বাঞ্চলৰ চুকে–কোণে থকা বিমানবন্দৰসমূহৰ পৰা কলকাতা আৰু গুৱাহাটীলৈ আৰম্ভ হ’ব বিমানসেৱা।

অসামৰিক বিমান পৰিবহণ বিভাগে এক টুইটযোগে উৰান-৪ আঁচনিৰ অধীনত অচিৰেই বিমান চলোৱাৰ পৰিকল্পনাৰ কথা স্পষ্ট কৰি দিছে। উক্ত টুইটত নামনি অসমৰ বহু প্ৰতীক্ষিত ৰূপচী বিমানবন্দৰৰ লগতে অৰুণাচলৰ তেজু আৰু মিজোৰামৰ ইম্ফললৈ কলকাতা আৰু গুৱাহাটীৰ পৰা দৈনিক নতুন বিমান চলোৱাৰ কথা ঘোষণা কৰিছে।

উল্লেখযোগ্য যে ৰূপচীৰ লগতে উত্তৰ–পূৰ্বাঞ্চলৰ আন তিনিটা বিমানবন্দৰ পুনৰ নিৰ্মাণৰ কাম উৰান-৩ আঁচনিৰ অধীনত ইতিমধ্যে সমাপ্ত হৈছে। তেনেক্ষেত্ৰত অসামৰিক বিমান পৰিবহণ বিভাগৰ নতুন ঘোষণাই অঞ্চলবাসী ৰাইজক উৎফুল্লিত কৰি তুলিছে।

নামনি অসমৰ ঐতিহাসিক ৰূপচী বিমানবন্দৰৰ পৰা পুনৰ বিমান চলাচলৰ বাতৰিয়ে দীৰ্ঘদিনৰ পৰা আন্দোলন চলাই থকা ৰূপচী বিমানবন্দৰ ৰিভাইভেল কমিটীৰ সভাপতি বিমল অচোৱালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় – এয়া আমাৰ অক্লান্ত প্ৰচেষ্টাৰ লগতে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আৰু বিটিচি প্ৰশাসন ধন্যবাদৰ পাত্ৰ। কাৰণ সকলোৰে যৌথ প্ৰচেষ্টাত ৰূপচী বিমানবন্দৰ পুনৰ প্ৰাণ পাই উঠিব বুলি শুনি আমি আনন্দিত হৈছো। কিন্তু এতিয়া আৰু পলম নকৰি বিভাগে সোনকালে বাকী কাম কৰিব লাগিব।

ইপিনে, বিটিচিৰ পৰ্বতঝোৰা মহকুমাৰ প্ৰাক্তন ছাত্ৰ নেতা উত্তম হাজোৱাৰীয়ে এই বিমানবন্দৰে অঞ্চলটোৰ অৰ্থনৈতিক দিশত এক নৱ জাগৰন আনিব বুলি আশা ব্যক্ত কৰে। লগতে তেওঁ কয় এই বিমানবন্দৰে অঞ্চলটোৰ নিৱনুৱাৰ বাবে বিকল্প কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰাৰ সম্ভৱনা প্ৰবল হৈ উঠিছে।
Published by:Sanjay Kumar Das
First published: