• Home
  • »
  • News
  • »
  • assam
  • »
  • উদালি কাণ্ডৰ ১৫ দিন পিছত জিলাখনত প্ৰথমবাৰৰ বাবে উপস্থিত হ’ল ভুক্তভোগী চিকিৎসক সেউজ কুমাৰ সেনাপতি

উদালি কাণ্ডৰ ১৫ দিন পিছত জিলাখনত প্ৰথমবাৰৰ বাবে উপস্থিত হ’ল ভুক্তভোগী চিকিৎসক সেউজ কুমাৰ সেনাপতি

লগতে তেওঁৰ স্বাস্থ্য বৰ্তমানো সম্পূৰ্ণ সুস্থ হৈ উঠা নাই বুলিও কৰে মন্তব্য সেনাপতিয়ে।

লগতে তেওঁৰ স্বাস্থ্য বৰ্তমানো সম্পূৰ্ণ সুস্থ হৈ উঠা নাই বুলিও কৰে মন্তব্য সেনাপতিয়ে।

লগতে তেওঁৰ স্বাস্থ্য বৰ্তমানো সম্পূৰ্ণ সুস্থ হৈ উঠা নাই বুলিও কৰে মন্তব্য সেনাপতিয়ে।

  • Share this:
১ জুনত সংঘটিত হোৱা উদালি কাণ্ডৰ ১৫টা দিন উকলি যোৱাৰ পিছত আজি প্ৰথমবাৰৰ বাবে হোজাই জিলাত উপস্থিত হয় ভুক্তভোগী চিকিৎসক সেউজ কুমাৰ সেনাপতি। মাতৃ আৰু ভগ্নীক লগত লৈ দুপৰীয়া চিকিৎসকগৰাকী প্ৰথমে উপস্থিত হয় শংকৰদেৱ নগৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যলয়ত। তাতে আৰক্ষীয়ে চিকিৎসকগৰাকীৰ জবানবন্দী গ্ৰহণ কৰে।

ইপিনে আৰক্ষীয়ে জবানবন্দী গ্ৰহণ কৰাৰ পিছত শংকৰদেৱ নগৰ ন্যায়িক আদালতত উপস্থিত হৈ জবানবন্দী গ্ৰহণ কৰাৰ কথা আছিল যদিও অজ্ঞাত কাৰণত আদালতত গ্ৰহণ কৰা নহ’ল চিকিৎসকগৰাকীৰ সাক্ষ‍্য। ইফালে ঘটনাৰ পিছত প্ৰথমবাৰৰ বাবে জিলাখনত উপস্থিত হৈ দোষীকেইটাৰ দৃষ্টান্তমূলক শাস্তি দাবী কৰিলে চিকিৎসক সেউজ কুমাৰ সেনাপতিয়ে।

লগতে তেওঁৰ স্বাস্থ্য বৰ্তমানো সম্পূৰ্ণ সুস্থ হৈ উঠা নাই বুলিও কৰে মন্তব্য সেনাপতিয়ে। অন্যহাতে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হৈ জবানবন্দী গ্ৰহণ কৰাৰ পিছত চিকিৎসগৰাকী পুনৰ উভতি যায় ঘৰলৈ। পৰৱৰ্তী সময়ত পুনৰ আদালতত জবানবন্দী গ্ৰহণৰ বাবে নিৰ্ধাৰিত দিনত চিকিৎসক সেউজ কুমাৰ সেনাপতি উপস্থিত হ’ব বুলি চৰকাৰী অধিবক্তা অমৰজ্যোতি শইকীয়াই জানিবলৈ দিছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি