ওদালগুৰিত হৃদয়বিদাৰক ঘটনা, পিতৃ হত্যাৰ অভিযোগত এঘৰীয়া হ’ল এটা পৰিয়াল

কণমানি শিশুকো জুই পানী নিষেধ কৰিলে স্থানীয় ৰাইজে

News18-Assam
Updated:August 1, 2019, 4:01 PM IST
ওদালগুৰিত  হৃদয়বিদাৰক ঘটনা, পিতৃ হত্যাৰ অভিযোগত এঘৰীয়া হ’ল এটা পৰিয়াল
কণমানি শিশুকো জুই পানী নিষেধ কৰিলে স্থানীয় ৰাইজে
News18-Assam
Updated: August 1, 2019, 4:01 PM IST
ওদালগুৰিৰ ডিমাকুছিত সংঘটিত হৈছে হৃদয়বিদাৰক ঘটনা। কণমানি শিশুকো জুই পানী নিষেধ কৰিলে স্থানীয় ৰাইজে।  পিতৃ হত্যাৰ অভিযোগত সমাজে এঘৰীয়া কৰিলে এটা পৰিয়ালক। আনকি পৰিয়ালটোৰ সদস্যক কোনোবাই মাতিলেও ৫০ হাজাৰ টকাৰ জৰিমণা ভৰিব লাগিব।  উল্লেখ্য যে পিতৃ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ৪ যুৱক। ৰাইজৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৪ পুত্ৰক। বৰ্তমান জে'লৰ পৰা অহাৰ পাছত স্থানীয় লোকে নিষেধ কৰিছে জুই পানী।

১২ এপ্ৰিলত অত্যাধিক মাদক দ্ৰব্য সেৱন কৰি মৃত্যু হৈছিল খেম বাহাদুৰ বিষ্টৰ নামৰ এজন লোক। আৰু তাৰ পিছতেই পৰিয়ালৰ সম্পৰ্কীয় খুৰাকৰ পৰিয়ালে খেম বাহাদুৰক তেওঁৰে চাৰি পুত্ৰই মিলি হত্যা কৰা বুলি আৰক্ষী চকীত এজাহাৰ দাখিল কৰে । ইয়াৰ পিছতে ৪ পুত্ৰক গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰিছিল আৰক্ষীয়ে। আনকি পিতৃৰ মৃতদেহ সৎকাৰো কৰিবলৈ নাপালে ৪ পুত্ৰই। স্থানীয় ৰাইজেহে সৎকাৰ কৰিছিল লোকজনৰ মৃতদেহ!

ইফালে জেলত থকাৰ সময়তে গাঁৱৰ মানুহে পৰিয়াল টোক ১২ বছৰলৈ পিতৃ হত্যাৰ অভিযোগত গাঁৱৰ সমাজৰ পৰা বহিস্কাৰ কৰে । অকল সেয়াই নহয় অহা যোৱা, খোৱা লোৱা, ব্যৱসায় বানিজ্য আদি সকলোতে নিষিদ্ধ কৰে পৰিয়ালটোক। আনকি পিতৃৰ শ্ৰাদ্ধৰ বাবে   পুৰোহিত প্ৰবেশৰো নিষিদ্ধ কৰে ৰাইজে । এক প্ৰকাৰৰ সম্পূৰ্ণ ৰূপে পৰিয়ালটো পণবন্দি হৈ পৰাত বিপাঙত পৰি সংবাদ মাধ্যমৰ ওচৰ চাপি সকলো কথা ব্যক্ত কৰে। ইফালে পূৰ্ব পৰিকল্পিত ভাবে জেষ্ঠ পুত্ৰ সঞ্জিৱ বিষ্টাৰ নেতৃত্বত পৰিয়ালৰ লোকে খেম বাহাদুৰ বিষ্টাক হত্যা কৰি স্বাভাৱিক মৃত্যুৰ ৰূপ দিবলৈ চেষ্টা কৰা বুলি গাঁও বাসীয়ে অভিযোগ তোলে ।

কিন্তু খুৰাক খুৰীয়েকৰ উচটনিতহে ৰাইজে এনে সিদ্ধান্ত লৈছে বুলি  এতিয়া মন্তব্য কৰিছে ভুক্তভোগী পৰিয়ালটোৱে।
আৰু চাওক পৰৱৰ্তী বাতৰি