নৰবলিৰ দৰে ঘৃণনীয় কাণ্ড সংঘটিত কৰিবলৈ উন্মাদ হোৱা পুলকেশ চহৰীয়া আচলতে কোন?
News18-Assam Updated:July 8, 2019, 7:32 AM IST

গুৱাহাটী চিকিত্সা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয় আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত পুলকেশ চহৰীয়াৰ
গুৱাহাটী চিকিত্সা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয় আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত পুলকেশ চহৰীয়াৰ
- News18 Assam
- Last Updated: July 8, 2019, 7:32 AM IST

নৰবলি দিবলৈ উন্মাদ হোৱা পৰিয়ালটোৰ সদস্য পুলকেশ চহৰীয়াই ইতিমধ্যে চেন্নাইত MBA পাঠ্যক্ৰম সমাপ্ত কৰিছিল। ‘দৰঙ ৰাইডাৰ্ছ’ নামৰ এটা বাইক ৰাইডিং ক্লাবৰো সদস্য অন্ধবিশ্বাসৰ ৰোষত পৰি উলংগ হৈ ঘৰ, বাইক, গাড়ী, জ্বলাই দিয়া পুলকেশ চহৰীয়া।

আৰক্ষী-সাংবাদিক-গাঁওবাসীকো আক্ৰমণ কৰিছিল পৰিয়ালটোৱে। পিছত ভৰিত গুলীয়াই আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছিল পুত্ৰসহ চহৰীয়াক। গুলীবিদ্ধ পুলকেশক পিছত চিকিত্সাৰ বাবে GMCHত ভৰ্তি কৰোৱা হৈছিল যদিও অৱশেষত মৃত্যুক সাবটি লয়।