মুখ্যপৃষ্ঠা » খবৰ

» অসম

»একেটা ধৰ্মীৰে পন্থা সলনি কৰাৰ বাবেই বৰ্বৰতাৰ বলি এটা পৰিয়াল, খুৱালে মানুহৰ প্ৰস্ৰাৱ!

একেটা ধৰ্মীৰে পন্থা সলনি কৰাৰ বাবেই বৰ্বৰতাৰ বলি এটা পৰিয়াল, খুৱালে মানুহৰ প্ৰস্ৰাৱ!

News18-Assam
Updated:August 10, 2019, 2:53 PM IST
একেটা ধৰ্মীৰে পন্থা সলনি কৰাৰ বাবেই বৰ্বৰতাৰ বলি এটা পৰিয়াল, খুৱালে মানুহৰ প্ৰস্ৰাৱ!
এঘৰীয়া কৰিলে ৫ টাকৈ পৰিয়ালক। ভাঙি দিয়া হ'ল বাস গৃহ, খোৱালে মানুহৰ প্ৰেছাৱ, পৰিয়ালক মাতিলেই ৩০ হাজাৰ টকাৰ জৰিমনা বিহাৰ প্ৰস্তাব ৰাইজৰ

এঘৰীয়া কৰিলে ৫ টাকৈ পৰিয়ালক। ভাঙি দিয়া হ'ল বাস গৃহ, খোৱালে মানুহৰ প্ৰেছাৱ, পৰিয়ালক মাতিলেই ৩০ হাজাৰ টকাৰ জৰিমনা বিহাৰ প্ৰস্তাব ৰাইজৰ

  • Share this:
নিলয় ভট্টাচাৰ্যৰ বিশেষ প্ৰতিবেদনঃ

ওদালগুৰিত সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা এক ঘটনা।ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৩ নং ৰজাগড়ত  খ্ৰীষ্টান ধৰ্মৰ ৫ পৰিয়ালে ধৰ্মীয় উপাসনাৰ পদ্ধতি সলনি কৰি খ্ৰীষ্টান ধৰ্মৰে আন এটা পন্থা গ্ৰহণ কৰাৰ বাবে গাঁৱৰ ৰাইজে নিৰ্মম অত্যাচাৰ কৰাৰ অভিযোগ উঠিছে । জানিব পৰা মতে আজিৰ পৰা প্ৰায় ১০ মাহ পূৰ্বেই ৩ নং ৰজাগড়ৰ ৫ টাকৈ পৰিয়ালে গ্ৰহণ কৰিছিল ‘ছেকেণ্ড কামিং মাৰ্থি নিথাৰ ফিৱেল বাপ্তিষ্ট ছাৰ্চ’ নামৰ খ্ৰীষ্টান ধৰ্মৰ আন এটা পন্থা। কিন্তু এইটোৱেই যেন কাল হ'ল পৰিয়াল কেইটাৰ বাবে! ভুক্তভোগীৰ অভিযোগ মতে ধৰ্ম গ্ৰহণৰ বাবে গাঁৱত নিষিদ্ধ কৰা হ'ল পৰিয়াল কেইটাক। পৰিয়ালকেইটাৰ লগত অহা যোৱা কৰিলেই ৩০ হাজাৰ টকা জৰিমনাও বিহা সিদ্ধান্ত ল’লে গাওৱাসীৰ। বিষয়তো সন্দৰ্ভত স্থানীয় ৰাইজে বিচাৰ পতাৰ নামত পৰিয়াল কেইটাৰ সদস্যক মানুহৰ প্ৰস্ৰাৱ খোৱাই দিয়াৰো উঠিছে অভিযোগ। ইয়াৰ লগতে পৰিয়াল কেইটাৰ লৰা ছোৱালীয়ে আতংকত বিদ্যালয় এৰিব লগা হৈছে বুলিও জনাই পৰিয়ালৰ লোকে।

ইপিনে এই সমগ্ৰ ঘটনা সন্দৰ্ভত ৫ পৰিয়ালৰ লোকলৈ দোষ ঠেলিছে গাঁৱৰ ৰাইজে। এই সমগ্ৰ ঘটনা অস্বীকাৰ কৰি গাঁৱৰ ৰাইজে তেওলোকে নিজে ইচ্ছা কৰি সন্তানক বিদ্যালয়ত প্ৰেৰণ নকৰা বুলি দাবী কৰাৰ লগতে প্ৰস্ৰাৱ খোৱাই দিয়া আৰু মাৰধৰ কৰা কথা অভিযোগ অস্বীকাৰ কৰে। অৱশ্যে গাওবাসী পৰিয়াকটোক নিষিদ্ধ কৰা তথা পৰিয়ালটোৰ লগত সম্পৰ্ক কৰিলে ৩০, হাজাৰ জৰিমনা বিহাৰ কথা স্বীকাৰ কৰিছে।

এতিয়া এই সনগ্ৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সচেতন মহলৰ মাজত। ভাৰতৰ দৰে ধৰ্ম নিৰপেক্ষ দেশ এখনত সমাজ এখনৰ এনে কঠোৰ সিদ্ধান্তই জোকাৰি গৈছে অঞ্চলটো।

 
First published: August 10, 2019, 2:53 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি