உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • সাংবাদিকক দুৰ্ব্যৱহাৰ কৰি ৰঙাঘৰৰ আলহী উবেৰ চালক, ভাড়াক লৈ সৃষ্টি হৈছিল কাজিয়াৰ

    সাংবাদিকক দুৰ্ব্যৱহাৰ কৰি ৰঙাঘৰৰ আলহী উবেৰ চালক, ভাড়াক লৈ সৃষ্টি হৈছিল কাজিয়াৰ

    অসমত বন্ধ হ’ব পাৰে উবেৰ এপছ। এই ইংগিত দিলে জিলা পৰিবহণ বিষয়াই। উবেৰ কৰ্তৃপক্ষৰ পৰা সঁহাৰি নাপালে পৰিবহণ বিভাগে, ক্ষোভিত পৰিবহণ বিভাগ।

    অসমত বন্ধ হ’ব পাৰে উবেৰ এপছ। এই ইংগিত দিলে জিলা পৰিবহণ বিষয়াই। উবেৰ কৰ্তৃপক্ষৰ পৰা সঁহাৰি নাপালে পৰিবহণ বিভাগে, ক্ষোভিত পৰিবহণ বিভাগ।

    অসমত বন্ধ হ’ব পাৰে উবেৰ এপছ। এই ইংগিত দিলে জিলা পৰিবহণ বিষয়াই। উবেৰ কৰ্তৃপক্ষৰ পৰা সঁহাৰি নাপালে পৰিবহণ বিভাগে, ক্ষোভিত পৰিবহণ বিভাগ।

    • Share this:
    মহানগৰীত উবেৰ চালকৰ উদ্ভাণ্ডলি। সংবাদিকক দুৰ্ব্যৱহাৰ কৰি  আৰক্ষী থানাৰ আলহী হ’ল এজন উবেৰ চালক। সাংবাদিকগৰাকীৰ নাম নিকিতা জৈন। দিল্লীৰ পৰা অসম লৈ আহিছিল বাতৰি সংগ্ৰহ তথা ফুৰিবলৈ। কামৰূপ জিলা পৰিবহণ বিষয়া হিমাংশু দাসৰ নেতৃত্বত বিষয়ববীয়াই বাহনসহ চালকক আটক কৰি চমজাই দিলে গড়চুক আৰক্ষী থানাত।

    অসমত বন্ধ হ’ব পাৰে উবেৰ এপছ। এই ইংগিত দিলে জিলা পৰিবহণ বিষয়াই। উবেৰ কৰ্তৃপক্ষৰ পৰা সঁহাৰি নাপালে পৰিবহণ বিভাগে, ক্ষোভিত পৰিবহণ বিভাগ। সোমবাৰ বা মঙলবাৰৰ ভিতৰত এজাহাৰ ৰুজু কৰিব উবেৰৰৰ বিৰুদ্ধে জিলা পৰিবহন বিভাগে। উবেৰ কৰ্তপক্ষই সহযোগ কৰা নাই জিলা পৰিবহণ বিভাগক।

    ISBTৰ পৰা মালিগাঁও ষ্টেচনলৈ নিকিতা জৈনে বুক কৰিছিল অল্ট’ AS 01JC 5910 নম্বৰৰ বাহনখন। ভাড়া দিয়াক লৈ কাজিয়াৰ সূত্ৰপাত হৈছিল চালক আৰু আৰোহীৰ মাজত। পৰৱৰ্তী পৰ্যায়ত ৰডেৰে মৰিওয়াৰ ভাবুকি দিছিল চালকে। ডায়েল ১০০ত ফোন কৰি গোচৰ তৰিছিল নিকিতা জৈনে। সেই গোচৰৰ পিছতে জিলা পৰিবহণ বিভাগে তৎপৰ হৈ কামাখ্যা পাহাৰৰ পৰা জব্দ কৰে এল্টো বাহন আৰু চালক প্ৰকাশ গগৈক।

    জিলা পৰিবহণ বিষয়া হিমাংশু দাসে উল্লেখ কৰে যে চালকৰ দুৰ্ব্যৱহাৰত যিদৰে তৎপৰ হৈছো, যদি চালকেও অভিযোগ দিয়ে যাত্ৰীয়ে দুৰ্ব্যৱহাৰ কৰে বুলি তাৰ বিৰুদ্ধেও তৎপৰ হৈ কৰনীয়খিনি কৰিম বুলি কয়।

    ইফালে এই সন্দৰ্ভত উবেৰ কৰ্তৃপক্ষই এক বিবৃতি জাৰি কৰিছে। "যিটো বৰ্ণনা কৰা হৈছে সেয়া উবেৰৰ আচৰণ বিধি উলংঘা কৰা হৈছে আৰু প্লেটফৰ্মত ইয়াৰ কোনো স্থান নাই। আমি এপটোত ড্ৰাইভাৰজনৰ একছেছ আঁতৰাই পেলাইছো আৰু সহায় আগবঢ়াবলৈ ৰাইডাৰগৰাকীৰ সৈতে যোগাযোগত আছো। আমি আইনৰ সৈতে সহযোগ কৰিবলৈ সাজু হৈ আছো আৰু ৰাইডাৰে চিকিৎসাৰ খৰচ আদায় কৰিবলৈ ট্ৰিপ বীমাৰ সুবিধা ল'ব পাৰে।" – ক’লে উবেৰৰ মুখাপাত্ৰই।
    Published by:Sanjay Kumar Das
    First published: