হাৰ্টথ্ৰব জুবিন গাৰ্গৰ কাইলৈ ওপজা দিন৷ অসংখ্য গুণমুগ্ধই জুবিনৰ জন্মদিনটো বিশেষভাৱে উদযাপনৰ দিহা কৰিছে৷ আনহাতে, জুবিন ফেন ক্লাৱে যোৰহাটত আয়োজন জুবিনৰ জন্মদিন৷
ইয়াৰ মাজতে জন্মদিনলৈ এটা দিন বাকী থকা অৱস্থাত তেজপুৰৰ যুৱ জ্যোতিষী দিব্যজ্যোতি শইকীয়াই জুবিনৰ ৰাশিচক্ৰৰ ওপৰত গণনা কৰি প্ৰকাশ কৰিছে কেতবোৰ মন্তব্য৷
জ্যোতিষী দিব্যজ্যোতি শইকীয়াৰ মতে - জুবিনৰ জন্মৰাশি বৃশ্চিক আৰু ৫টা ৰাশিৰ সমন্বয় ঘটিছে৷ দশমপতি লগ্নত অৱস্থান কৰি দশমত শনিৰ দৃষ্টি পৰিছে৷
আনহাতে, ৭টা গ্ৰহৰ সমন্বয়ো ঘটিছে জুবিনৰ ৰাশিচক্ৰত৷ এনে পৰিপ্ৰেক্ষিতত বিশ্ববিখ্যাত লোকৰ ৰাশিচক্ৰৰ সৈতে মিল আছে জুবিনৰ ৰাশিচক্ৰ৷ যাৰ ফলত আগন্তুক দিনত অভিলেখ ভংগ কৰিব জুবিনে৷
আগন্তুক ২৬ নবেম্বৰৰ পৰা আছে জুবিনৰ ৰাজভোগ তথা ৰাজসন্মান প্ৰাপ্তি৷ উত্থান ঘটিব জুবিনৰ৷ জীৱনে গতি সলাই U টাৰ্ণ মাৰিব৷ গুৰুদৃষ্টি পৰিব ব’হাগৰ প্ৰথম পৰ্যায়লৈ৷ লগতে ২০২৩ৰ ডিচেম্বৰৰ পৰা আছে পূৰ্ণ ৰাজভোগ প্ৰাপ্তিৰ দিন৷
কিন্তু জেঠৰ পৰা কিছু দিন বেয়া চলিব জুবিনৰ৷ আগন্তুক ৬মাহলৈ শাৰীৰিক অসুস্থতাত পুণৰ ভুগিব পাৰে জুবিন৷ তেনে সম্ভাৱনাৰ কথাকে কৈছে জ্যোতিষীয়ে৷ গতিকে সাৱধানে চলাৰ পৰামৰ্শ দি জ্যোতিষী দিব্যজ্যোতি শইকীয়াই অৱশ্যে বিধানো দিলে৷ আগবঢ়ালে প্ৰতিকাৰ৷ মহামৃত্যুঞ্জয় পূজা অথবা শিৱপূজা কৰাৰ পৰামৰ্শ জ্যোতিষী শইকীয়াৰ৷ লগতে চণ্ডালক যোগান ধৰক এসাজ ভাতৰ৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|