দ্বিতীয় বিশ্বযুদ্ধত ভূপতিত হোৱা যুঁজাৰো বিমানৰ ধ্বংসাৱশেষ বিচাৰি চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাটিত উপস্থিত হৈছে আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ এটা দল।
আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ পৰা অহা দলটোক এইক্ষেত্ৰত সহায় কৰিছে ভাৰতীয় নৃতাত্ত্বিক বিভাগে৷ চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাটিত উপস্থিত হোৱা দলটোৱে ইতিমধ্যে ধ্বংসপ্ৰাপ্ত বিমানখন থকা পুখুৰীটোত উদ্ধাৰ কাৰ্য আৰম্ভ কৰিছে৷
ইয়াৰ আগতেও কেইবাবাৰো এই স্থানৰ পৰা ধ্বংসপ্ৰাপ্ত বিমানখনৰ সামগ্ৰীৰ লগতে নিহত লোকসকলৰ অস্থি উদ্ধাৰ কৰিছিল। উল্লেখ্য যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত চৰাইদেউ জিলাৰ সাপেখাতিত ভূ-পতিত হোৱা বিমানখনত থকা ১৪ জনকৈ লোক নিহত হৈছিল। এই অভিযান প্ৰায় ২০ দিন চলিব বুলি জনা গৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|