মুখ্যপৃষ্ঠা »খবৰ »অসম »লামডিঙত নদীত গা ধুবলৈ গৈ মৃত্যুমুখত দুই যুৱক, এজনক জীৱন্তে উদ্ধাৰ

লামডিঙত নদীত গা ধুবলৈ গৈ মৃত্যুমুখত দুই যুৱক, এজনক জীৱন্তে উদ্ধাৰ

লামডিঙৰ শাস্ত্ৰী গাঁওৰ নদীত গা ধুবলৈ গৈছিল ৩ যুৱক।

লামডিঙৰ শাস্ত্ৰী গাঁওৰ নদীত গা ধুবলৈ গৈছিল ৩ যুৱক।

লামডিঙৰ শাস্ত্ৰী গাঁওৰ নদীত গা ধুবলৈ গৈছিল ৩ যুৱক।

  • Share this:

ৰে'ল নগৰী লামডিঙত  আজি সন্ধিয়া সংঘটিত হয় এক অঘটন। লামডিঙৰ শাস্ত্ৰী গাঁওৰ নদীত গা ধুবলৈ গৈ দুজন যুৱকৰ সলিল সমাধি ঘটাত শোকৰ ছাঁ পৰিছে সমগ্ৰ লামডিঙত।জানিব পৰা মতে, গান্ধী কলনীৰ অভিষেক বাল্মীকি, সত্যজিৎ ৰাউট, গৌতম ৰাউটসহ আন কেইবাজনো সতীৰ্থই শাস্ত্ৰী গাঁওৰ নদীত গাঁও ধুবলৈ যোৱাৰ পিছত তিনিওজন  যুৱক পানীত ডুব যায়।


পৰৱৰ্তী সময়ত স্থানীয় ৰাইজ আৰু সতীৰ্থই তিনিওকে উদ্ধাৰ কৰি লামডিঙৰ ৰে'লৱে হাস্পতালত আনে যদিও সত্যজিৎ ৰাওট ওৰফে শিবা আৰু অভিষেক বাল্মীকি ওৰফে বিশাল নামৰ যুৱক দুজনক চিকিৎসকে মৃত বুলি ঘোষণা কৰাৰ বিপৰীতে গৌতম ৰাওট নামৰ আনজন যুৱক বৰ্তমান অসুস্থ অৱস্থাত চিকিৎসাধীন হৈ আছে চিকিৎসালয়ত।

শেহতীয়া বাতৰি