পুনৰ অসমৰ দুই যুৱকৰ বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু৷ কৰ্মসংস্থাপনৰ বাৱে বহিঃৰাজ্যলৈ গৈ ৰহস্যজনকভাৱে মৃত্যুক আঁকোৱালি ল'লে চৰাইদেউ জিলাৰ সোণাৰিৰ বৰহ গাঁৱৰ নবীন শইকীয়া (২৭) নামৰ যুৱকজনে৷ যোৱা ৪ ডিচেম্বৰত চেন্নাইলৈ বুলি সমনীয়াৰ সৈতে কৰ্মসংস্থাপনৰ বাবে ঘৰৰ পৰা ৰে’লযোগে যাত্ৰা আৰম্ভ কৰে যদিও শেহতীয়াকৈ ওড়িশাৰ বঢ়মপুৰত নবীনৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ৷ লগতে সহযাত্ৰী হিচাপে যোৱা ধুনীয়াপথাৰ গাঁৱৰ ৰাজেশ ঘাটোৱাৰ নামৰ আন এগৰাকী যুৱকো বৰ্তমানেও সন্ধানহীন৷
আনহাতে, চৰাইদেউ জিলাৰে সোণাৰিৰ সাপেখাতীৰ মৰাণহাবী গাঁৱৰ সৎৰাম গগৈৰ পুত্ৰ লোকনাথ গগৈয়ে আজি দীৰ্ঘদিন ধৰি অন্ধ্ৰ প্ৰদেশত কৰ্মৰত হৈ আছিল। কিন্তু বৃহস্পতিবাৰে যুৱকজনৰ মৃতদেহ অৰ্ধ–উলংগ অৱস্থাত উদ্ধাৰ হয়।
লোকনাথ গগৈৰ মৃতদেহ সম্প্ৰতি আজমগড় আৰক্ষী থানাত ৰখা হৈছে। সম্প্ৰতি দুইজন যুৱকক কোনে হত্যা কৰিলে তাৰ কোনো তথ্য অসম আৰক্ষীয়ে লাভ কৰা নাই আৰু মৃতদেহ নিজগৃহলৈ অনাৰ ক্ষেত্ৰতো একো স্পষ্টকৈ জানিব পৰা হোৱা নাই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|