• Home
  • »
  • News
  • »
  • assam
  • »
  • তেলেংগানা আৰক্ষীৰ জালত হোজাইৰ দুই যুৱক, কিয় হোজাই পালেহি তেলেংগানা আৰক্ষী?

তেলেংগানা আৰক্ষীৰ জালত হোজাইৰ দুই যুৱক, কিয় হোজাই পালেহি তেলেংগানা আৰক্ষী?

হোজাইত এক সপ্তাহ বাহৰ পাতি কাকীত অভিযান চলাই অভিযুক্ত যুৱক দুজনক গ্ৰেপ্তাৰ কৰে।

হোজাইত এক সপ্তাহ বাহৰ পাতি কাকীত অভিযান চলাই অভিযুক্ত যুৱক দুজনক গ্ৰেপ্তাৰ কৰে।

হোজাইত এক সপ্তাহ বাহৰ পাতি কাকীত অভিযান চলাই অভিযুক্ত যুৱক দুজনক গ্ৰেপ্তাৰ কৰে।

  • Share this:
হোজাই জিলাৰ কাকীত তেলেংগানা আৰক্ষীৰ অভিযান। অভিযানত গ্ৰেপ্তাৰ দুজন যুৱক।ধৃত যুৱক দুজন বিতুমণি আৰু উৎপল বুলি জনা গৈছে। হায়দাৰাবাদৰ বৃহৎ এটা শ্বপিং মলত কৰ্মচাৰী হিচাপে কাম কৰা হোজাই জিলাৰ কাকীৰ এই যুৱক দুজনে শ্বপিং মলৰ ১০ লাখ টকা আত্মসাত কৰি পলায়ন কৰাৰ অভিযোগ তুলি শ্বপিং মল কৰ্তৃপক্ষই  দাখিল কৰিছিল এজাহাৰ। সেই এজাহাৰৰ ভিত্তিত  তেলেংগানাৰ পৰা অহা চাৰিজনীয়া আৰক্ষীৰ এটা দলে হোজাইত এক সপ্তাহ বাহৰ পাতি কাকীত অভিযান চলাই অভিযুক্ত যুৱক দুজনক গ্ৰেপ্তাৰ কৰে।

পৰৱৰ্তী সময়ত ধৃত অভিযুক্ত দুজনক ট্ৰেনজিত ৰিমাণ্ডত সোধা–পোছাৰ বাবে হায়দাৰাবাদ আৰক্ষীয়ে নিজৰ জিম্মাত লৈ যায়। ইপিনে হায়দাৰাবাদ আৰক্ষীয়ে তদন্তৰ খাতিৰত বিষয়টোৰ ওপৰত  মন্তব্য দিয়াৰ পৰা বিৰত থাকে।
Published by:Sanjay Kumar Das
First published: