• Home
  • »
  • News
  • »
  • assam
  • »
  • চাংসাৰিত দুই বন্ধুৰ কৰুণ মৃত্যু, প্ৰেমৰ বাবে চলন্ত ৰে’ল আগত মৰণ জাপ যুৱকৰ, বন্ধুক ৰক্ষা কৰিবলৈ জীৱন বিসৰ্জন দিলে আনজনে

চাংসাৰিত দুই বন্ধুৰ কৰুণ মৃত্যু, প্ৰেমৰ বাবে চলন্ত ৰে’ল আগত মৰণ জাপ যুৱকৰ, বন্ধুক ৰক্ষা কৰিবলৈ জীৱন বিসৰ্জন দিলে আনজনে

ৰে’লৰ খুন্দাত দুই যুৱকৰ দেহ ছিন্ন–ভিন্ন হৈ পৰে। মৰণোত্তৰ পৰীক্ষাৰ অন্তত দুই যুৱকৰ মৃতদেহ স্বগৃহলৈ নিয়া হয়। এই ঘটনাৰ পিছতে অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

  • Share this:
চাংসাৰিত কৰুণ ঘটনা। প্ৰেমৰ বাবেই চলন্ত ৰে’লৰ আগত জাপ দিলে এজন যুৱকে। বন্ধুক বচাবলৈ গৈ আন এজন যুৱকে বিসৰ্জন দিলে নিজৰ জীৱন। মুহূৰ্তৰ ভিতৰতে  ৰে’লে মহতিয়াই নিলে দুই যুৱকক। এই ঘটনাই শোকৰ ছাঁ পেলাইছে দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ বোনমাঝাত।

ঘটনাৰ বিৱৰণী অনুসৰি, বোনমাঝাৰ বড়িগাঁৱৰ ইক্ৰাম আলী (২১) আৰু হাফিজুল আলী (২২) নামৰ যুৱক দুজনৰ মঙলবাৰে ৰে’লৰ খুন্দাত মৃত্যু হয় চাংসাৰিত। প্ৰেমজনিত কাৰণতে ইক্ৰাম আলীয়ে গুৱাহাটীৰ কৰ্মস্থলীৰ পৰা আহি থকা অৱস্থাত চাংসাৰিত চলন্ত ৰে’লৰ আগত জপিয়াই আত্মহত্যা কৰাৰ চেষ্টা চলায়। লগত থকা বন্ধু হাফিজুলে ইক্ৰামক বচাবলৈ চেষ্টা কৰাৰ সময়তে দ্ৰুতবেগী ৰে’লে দুয়োকে মহতিয়াই নিয়ে।

ৰে’লৰ খুন্দাত দুই যুৱকৰ দেহ ছিন্ন–ভিন্ন হৈ পৰে। মৰণোত্তৰ পৰীক্ষাৰ অন্তত দুই যুৱকৰ মৃতদেহ স্বগৃহলৈ নিয়া হয়। এই ঘটনাৰ পিছতে অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।
Published by:Sanjay Kumar Das
First published: