তিনিচুকীয়াৰ গুইজানৰ সমীপৰ ডিব্ৰু নদী (Dibru River)ৰ কলিয়াপানী ঘাটত অঘটন। নদীত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল দুই যুৱকৰ আৰু তিনিজনৰ অৱস্থা সংকটজনক। আজি বিয়লি তিনিচুকীয়াৰ কলিয়াপানী ঘাটত গা ধুবলৈ যোৱা ৫ বন্ধুৱে পানীত খেলি থকাৰ সময়তে এক সংঘটিত হয় এই শোকাৱহ ঘটনা।
পানীত পৰি মৃত্যু মুখত পৰা দুইজন যুৱক হৈছে তিনিচুকীয়াৰ বৰগুৰিৰ ২০ বছৰীয়া মাধুৰ্য কলিতা আৰু ২২ বছৰীয়া ঋষভ গোহাঁই। আনহাতে আন তিনজন যুৱকক উদ্ধাৰ কৰা হয় যদিও তেওঁলোকৰ অৱস্থআ এই পৰ্যন্ত সংকটজনক বুল জানিব পৰা গৈছে।
বাৰিষা উক্ত অঞ্চলটোত প্ৰতি বছৰে এনে ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে।
Published by: Manjumoni Borah
FIRST PUBLISHED : August 20, 2022, 21:19 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।