১০ আগষ্ট দিনটো আছিল পথ দুৰ্ঘটনাত অকালতে হেৰাই যোৱা পৰাগ নামৰ ২৩ বছৰীয়া যুৱকজনৰ জন্মদিন।
১০ আগষ্ট দিনটো আছিল পথ দুৰ্ঘটনাত অকালতে হেৰাই যোৱা পৰাগ নামৰ ২৩ বছৰীয়া যুৱকজনৰ জন্মদিন।
যোৱানিশা টীয়কত সংঘটিত এক পথ দুৰ্ঘটনাত অকালতে প্ৰাণ গ’ল দুই যুৱকৰ। টীয়কৰ লাহদৈগড় আৰক্ষী চকীৰ অন্তৰ্গত কাকজান কমাখাটোৱালত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। টীয়কৰ পৰা যোৰহাট অভিমুখে আহি থকা AS-03K-0388 নম্বৰৰ মটৰ চাইকেলখনেৰে দুই বন্ধু আহি থকা অৱস্থাতে বিপৰীত দিশৰ পৰা অহা AS-03A-9642 নম্বৰৰ মালবাহী ট্ৰাকখনৰে মুখামুখি সংঘৰ্ষ হয়। মটৰ চাইকেলখনৰ দুই আৰোহী ক্ৰমে পৰাগ গোস্বামী আৰু জানটি গগৈ নামৰ দুজন যুৱক থিতাতে নিহত হয় দুৰ্ঘটনাত। মৃত পৰাগ গোস্বামীৰ ঘৰ লাহদৈগড় মইনাপৰীয়াত আৰু জানটিৰ ঘৰ মেলং ফেছুৱালত।
উল্লেখ্য যে ১০ আগষ্ট দিনটো আছিল পথ দুৰ্ঘটনাত অকালতে হেৰাই যোৱা পৰাগ নামৰ ২৩ বছৰীয়া যুৱকজনৰ জন্মদিন। নিজ বন্ধুৰ লগত বিশেষ দিনটো উদযাপন কৰাৰ কথা আছিল পৰাগে। কিন্তু ভয়ংকৰ পথ দুৰ্ঘটনাই নিমিষতে শেষ কৰি পেলালে সকলো। যুৱক দুজনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে-লগেই শ শ লোক উপস্থিত হয় লাহদৈগড় আৰক্ষী চকীত।
ইতিমধ্যে লাহদৈগড় আৰক্ষীয়ে ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে নিশাই দুয়োজন যুৱকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|